চেনিটাইজেছন কাৰ্যসূচী

ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত আজি গণেশগুৰিৰ বজাৰ এলেকাত চেনিটাইজেছন কাৰ্যসূচী অনুষ্ঠিত কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় চৰকাৰ খনৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয় বৰ্ষ সম্পূৰ্ণ হোৱাৰ লগতে একেৰাহে সাত বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টীয়ে সেৱাই সংগঠন মনোভাবেৰে এই দিনটো উৎযাপন কৰিছে ।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ ফালৰ পৰা সেৱাই সংগঠন মনোভাৱেৰে আজি গণেশগুৰিৰ বজাৰ অঞ্চলত চেনিটাইজেচনৰ জৰিয়তে সমগ্ৰ অঞ্চলটোক কোৰোনা মুক্ত কৰাৰ বাবে এক প্ৰয়াস হাতত লোৱা হয়।

এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন ,জিলা সভাপতি মানস প্ৰতিম দাস ,জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি মৃগেন শৰণীয়াৰ লগতে ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ জেষ্ঠ কাৰ্য্যকৰ্তাই অংশ লয়।লগতে পঢ়ক ব্যক্তিগত বিদ্যালয়ত মেট্ৰিক নোহোৱাকৈয়ে একাদশ শ্ৰেণীত নামভৰ্তি বন্ধ কৰিলে শিক্ষা বিভাগে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply