গুৱাহাটী: অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ উদ্যোগত শনিবাৰে মহানগৰী গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চেনীটাইজেচন কৰা হয়।গুৱাহাটীৰ আমবাৰী, ফাঁচীবজাৰ, উজান বজাৰ, চান্দমাৰী, গণেশগুৰি, আদাবাৰী, বেলতলা আদি বিভিন্ন স্থানত ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চেনীটাইজেচন কাৰ্যসূচীৰ আৰম্ভ কৰা হয়।

অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যলয়ত যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, সাধাৰণ সম্পাদক পল কাশ্যপ, হৃষিকেশ শৰ্মা, সুশান্ত দেৱ চৌধুৰী, জাহিৰ চৌধুৰী, সঞ্জয় অসমীয়াৰ লগতে বহু কেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া, সদস্যৰ আৰু গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি দিপাঙ্কৰ দাসসহ বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতাই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম যুৱ পৰিষদে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যখনতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী আৰু চেনীটাইজেচনৰ কাৰ্য্যসূচী হাতত লৈছে।

লগতে পঢ়ক: জোতাৰ দোকানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগছ

এক প্ৰেছ বিবৃতিত পৰিষদৰ সভাপতি জিতু বৰগোহাঁয়ে যুৱ পৰিষদৰ সকলো বিষয়ববীয়া আৰু সদস্যকে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে চৰকাৰ তথা প্ৰশাসনৰ লগত সহযোগিতা কৰি আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখ্য যে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিডে। ৰাজ্যত ক’ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ লগতে প্ৰতিদিনে মৃত্যুৰ মুখত পৰি আছে বহু ক’ভিডত আক্রান্ত ৰোগী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply