টীয়কৰ চক্ৰ বিষয়া লীনা পাওৱে চেনিটাইজেশ্বন কৰা দেখা গৈছে

স্মৃতি ৰেখা লাহন, টীয়ক: চৌদিশে কাল কোৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে। চৰকাৰে ক’ভিড ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা কৰাৰ সমান্তৰালকৈ সামাজিক দ্বায়বদ্ধতা উপলব্ধি কৰি টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই টীয়কৰ ৰাজহুৱা কাৰ্যালয় আৰু ভিন্ন স্থানত চেনিটাইজেশ্বনৰ ব্যবস্থা কৰে।

আছুৰ উদ্যোগত টীয়কত চেনিটাইজেশ্বন

টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, টীয়ক পৌৰসভা আৰু টীয়ক আৰক্ষী থানাৰ সহযোগত টীয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, আৰক্ষী থানা, অসম ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থান, বিভিন্ন বেংক, এ টি এম, হস্পিতাল, চৰকাৰী বেচৰকাৰী কাৰ্যালয় তথা কেইবাটাও ৰাজহুৱা স্থানত টীয়ক অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত চেনিটাইজেশ্বন কৰে।

লগতে সকলোকে ক’ভিড নীতি মানি সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰি নিজৰ লগতে সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়।

আৰু পঢ়ক http://নতুন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অজন্তা নেওগ হ’ব বিত্ত মন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply