কাজিৰঙা শুকুৰবাৰে কাজিৰঙাত সাতটা চোৰাং গৰুসহ আটক দুজন চোৰাং ব্যৱসায়ী।
জানিব পৰা মতে, বৈধ নথি-পত্ৰ অবিহনে নুমলীগড়ৰ পৰা চামগুৰিলৈ পৰ্যটক কঢ়িওৱা এএছ ০১ এফ চি ৭০৪৮ নম্বৰৰ এখন XYLO বাহনত গৰু কেইটা চোৰাংকৈ লৈ যোৱা হৈছিল।
বাহনখন কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিডৰত চকা পাম্পচাৰ হোৱাত বাহনখন ন’-পাৰ্কিং এলেকাত ৰখোৱাৰ লগে লগে আৰক্ষীয়ে বাহনখনৰ নথি-পত্ৰ চাবলৈ বিচাৰে আৰু বৈধ নথি-পত্ৰ দেখুৱাব নোৱাৰাত আৰক্ষীয়ে তালাচী অভিযান চলায়।
আৰক্ষীৰ তালাচীত প্ৰকৃত ঘটনা পোহৰলৈ আহে। ইয়াৰ পিছতে আৰক্ষীয়ে গৰু সৰবৰাহৰ লগত জড়িত দুজনক আটক কৰে।
আৰক্ষীয়ে জব্দ কৰা গৰুবোৰ বন বিভাগক গটাই দিয়ে আৰু আটক কৰা চোৰাং ব্যৱসায়ী দুজন ক্ৰমে চাইদুল ইছলাম আৰু বাবুল হুছেইনক গাড়ীখনৰ লগতে কহৰা আৰক্ষীক গতাই দিয়ে।
বৰ্তমান কহৰা আৰক্ষীয়ে চোৰাং ব্যৱসায়ীদুজনক বোকাখাত আৰক্ষী থানাত গতাই দিয়ে বুলি জানিব পৰা গৈছে।