শিৱসাগৰ পৰা আমিনুৰ ৰহমান: শিৱসাগৰ আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰা বদং বাহিনী এতিয়া আৰক্ষীৰ জালত বন্দী।বাবা লাহন, আৰিফ খানৰ নেতৃত্বত গঠিত কূখ্যাত আতংক সৃষ্টিকাৰী ডকাইতৰ দলৰ সহযোগী আছিল এই ডকাইত বাহিনীটো ৷
শিৱসাগৰ আৰক্ষীয়ে নিশা বামুনবাৰী বাগানত আত্মগোপন কৰি থকা অৱস্থাত বাহিনীটোৰ পাচটা ডকাইতক আটক কৰে ৷

বিগত ২৮ ফেব্ৰুৱাৰীৰ নিশা শিৱসাগৰৰ পোনজান পথত সংঘটিত ডকাইতি কাণ্ডতো জড়িত আছিল এই ডকাইতৰ দলটো ৷

আটকাধীন ডকাইত কেইটা হল ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত জাপিসজীয়া গাৱৰ নিৱাসী ইকৰাম আলি ওৰফে বদং, চামচুল আলি, জালালউদ্দিন আহমেদ, আখতাৰ হুছেইন,আৰু নেবুল হুছেইন ওৰফে ফেঁটী ৷

আটাইকেইটা ডকাইতকে সদৰ থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
১০৫ / ২২ নং গোচৰ আৰু ভাৰতীয় দণ্ডবিধি ৩৯৫ ধাৰাত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতৰ সংখ্যা এতিয়ালৈকে মুঠ সাত জন হ’লগৈ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply