নিউজ ডেস্ক: গৰু বিহুৰ দিনাই বিশ্বনাথত অঘটন । নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল পাঁচজনৰ ৷ ইতিমধ্যে আটাইকেইজনৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷
মৃত কেইগৰাকী হ’ল ভাৰ্গৱ মন্ত্ৰী, অকন্যা মন্ত্ৰী , মৌচম ওজা, অভিজিৎ ওজা আৰু বিকাশ হাজৰিকা ৷
উল্লেখ্য যে ভাৰ্গভ আৰু অকন্যা দুয়ো ভাই-ভনী ।
আনহাতে ৰঙালী বিহুৰ আনন্দময় পৰিৱেশৰ মাজতে ডিব্ৰুগড় জিলাৰ মৰাণ নগৰৰ সমীপৰ চেঁচুঘাট ১ নং বাঁহবাৰীত গৰু গা ধুৱাবলৈ গৈ বুঢ়ী দিহিং নৈত পৰি দুজন যুৱকৰ মৃত্যু হয় । এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই বাঁহবাৰী গাঁৱৰ যুৱক চানু খনিকৰৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও শিৰোমণি বৰাক বিচাৰিলএছ ডি আৰ এফ বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান।