নিউজ ডেস্কঃ যোৱা ৫জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ কুৰুং কামেং জিলাত   সন্ধানহীন হৈ থকা ১৯জন শ্ৰমিকৰ ভিতৰত ৭জনক জীৱিত অৱস্থাত উদ্ধাৰ। কুৰুং কামেং জিলা প্ৰশাসনে উল্লেখ কৰা অনুসৰি শ্ৰমিক কেইজন নদী পাৰ হৈ দুটা ভাগত বিভক্ত হৈ গৈছিল আৰু পথ হেৰুৱাই দুৰ্গম অৰণ্যত সন্ধানহীন হৈ পৰিছিল।

ইষ্টম’জ’ৰ সৈতে হোৱা বাৰ্তালাপত কুৰুং কামেং জিলাৰ উপায়ুক্ত বেংগিয়া নিঘীয়ে  জনাই যে সন্ধানহীন শ্ৰমিকসকলৰ সাত জনক উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ চাৰিজনক শুক্ৰবাৰে সন্ধিয়া ফুৰাক নদীৰ ওচৰত স্থানীয় গাওঁবাসীয়ে দেখা পাইছিল, আনহাতে শুক্ৰবাৰে আৰু শনিবাৰৰ মাজনিশা তিনিজনক একেঠাইতে পোৱা গৈছিল। অৱশ্যে, আঠজনীয়া এই গোটৰ এজন এতিয়াও উদ্ধাৰ হোৱা নাই। “

“উদ্ধাৰ হোৱা শ্ৰমিক কেইজন অতি দুৰ্বল হৈ পৰিছে আৰু আনকি কথা কোৱাৰ অৱস্থাতো নাই। তেওঁলোকক  বৰ্তমান দামিন অঞ্চলৰ এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । কলোৰিয়াঙৰ এটা চিকিৎসা দলেও তেওঁলোক তাৎক্ষণিক চিকিৎসা দিবলৈ ডামিনলৈ গৈ আছে। তেওঁলোক অলপ সুস্থ হোৱাৰ পিছত আমি তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰিম,” উপায়ুক্ত গৰাকীয়ে কয়।

লগতে উপায়ুক্ত গৰাকীয়ে কয়, ‘আমি বাকী ১২ গৰাকী লোকৰ অনুসন্ধান চলাই আছো। স্থানীয় আৰক্ষী, বায়ুসেনা, এছডিআৰএফ,আইটিবিপিয়ে উদ্ধাৰ অভিযান চলাই আছে। স্থানীয়লোকসকলেও এই ক্ষেত্ৰত সহযোগিতা কৰিছে।

শ্ৰমিককেইজন দামিন মহকুমাৰ হুৰি অঞ্চলত সীমান্তত পথ সংস্থা (BRO)ৰ অধীনত চীন সীমান্তত পথ নিৰ্মাণ কাৰ্যত নিয়োজিত আছিল। তেওঁলোকক ঈদ-ল-আধা উদযাপনৰ বাবে ছুটি দিবলৈ অস্বীকাৰ কৰা বাবে ঠিকাদাৰসকলক অৱগত নকৰাকৈ ৫ জুলাইত পলায়ন কৰিছিল। তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল শ্ৰমিক কেইজন। সন্ধানহীন হোৱা শ্ৰমিক কেইজন বঙাইগাঁও আৰু বৰপেটাৰ বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply