বিশ্বনাথঃ বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ একেটা পৰিয়ালৰ সাতজনকৈ লোক বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ। বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ পৰিয়ালটোয়ে নিজ গাঁৱৰ পৰা বুটলি আনিছিল এই বিষাক্ত কাঠফুলা। লাহে লাহে পৰিয়ালটোৰ সদস্য সকলৰ পেটৰ বিষ আৰু বমি আৰম্ভ হয়।
অসুস্থ হৈ পৰা পৰিয়ালটোৰ লোক সকলক ১০৮ সেৱাৰে বিশ্বনাথ অসামৰিক চিকিৎসালয় লৈ চিকিৎসাৰ বাবে লৈ যোৱা হয়। বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হোৱা লোকসকল ক্ৰমে অস্থামি টন্তমাই, ফুলন্টি টন্তমাই, শ্বিবানী ভূঞা, ধীৰেণ ভূঞা, প্ৰকাশ তাঁতি আৰু যোগেন তাঁতি।