তেজপুৰ : ৰাজ্যত আকৌ ক’ভিডৰ সংক্ৰমণ। ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ সময়তেই তেজপুৰত ক’ভিডৰ সংক্ৰমণ। তেজপুৰ বিশ্ববিদ্যালয়ৰ সাত গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি।

শেহতীয়াকৈ তেজপুৰ জিলা প্ৰশাসনৰ সহযোগত বিশ্ববিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত এক ক’ভিড পৰীক্ষা কেম্পত ১০৭ গৰাকী শিক্ষাৰ্থীৰ ক’ভিড পৰীক্ষা কৰা হয়। এইসকলৰ মাজৰ সাত গৰাকী শিক্ষাৰ্থীৰ দেহতে ধৰা পৰে ক’ভিডৰ সংক্ৰমণ। ক’ভিড সংক্ৰমণ ধৰাৰ পৰাৰ পাছতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কভিড পজিটিভ শিক্ষাৰ্থীসকলক।

লগতে পঢ়ক : ডিফুত ৬ টাকৈ প্ৰাক্তন বিদ্ৰোহী সশস্ত্ৰ সংগঠন গোটৰ যুটীয়া সংবাদ মেল

উল্লেখ্য যে, ৰাজ্যৰ সামগ্ৰিক ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ জাৰি কৰা এছ ও পিত শিথিল কৰা হৈছিল ক’ভিডৰ নিয়মসমূহ। চৰকাৰী নিৰ্দেশনাৰ পাছতেই তেজপুৰ বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ লগতে হোষ্টেলসমূহো খোলা হয়। ইয়াৰ পাছতেই পাঠদানৰ উদ্দেশ্যে ক’ভিড পৰীক্ষা কৰাৰ সময়তে সাতগৰাকী শিক্ষাৰ্থীৰ দেহত ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply