তিতাবৰ : তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ক’ভিডৰ বিস্ফোৰণ। বিদ্যালয়খনৰ ৭ গৰাকী শিক্ষাৰ্থী আক্রান্ত হৈছে ক’ভিডত। বিদ্যালয়খনৰ সকলো শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ ক’ভিড পৰীক্ষা কৰি থকা হৈছে।
ৰাজ্যত পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এতিয়াও নতুন নতুন লোক ক’ভিডত আক্রান্ত হৈ আছে। বিশেষকৈ ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানত ক’ভিডত সংক্ৰমণ ঘটিছে। এইবাৰ তিতাবৰৰ এখন বিদয়ালয়ত ঘটিছে ক’ভিডৰ বিস্ফোৰণ।
লগতে পঢ়ক : জামুগুৰিহাটত মদ্যপায়ী বাছ চালকক আটক
যোৰহাট জিলাৰ তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৭ গৰাকী শিক্ষাৰ্থীৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে। বিদয়ালয়খনৰ সকলো শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ ক’ভিড পৰীক্ষা কৰি থকা হৈছে। আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।