নিউজ ডেস্ক : বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ক্ষতিপূৰণৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষী-নিৰাপত্তা বাহিনীৰ লোকে প্ৰতিবাদী জনতাৰ ওপৰত আক্ৰমণ চলায়। অইল কৰ্তৃপক্ষই বিস্ফোৰণ সংঘটিত হোৱা বাঘজান তৈল খাদৰ পৰা অইলৰ বাহন, টেংকাৰ আদি কিছু সা-সৰঞ্জাম উঠাই নিবলৈ অহাৰ স্থানীয় ৰাইজে বাধা দিয়াৰ সময়তে এই ঘটনা সংঘটিত হয়।

অইল কৰ্তৃপক্ষই বৰ্তমান বন্ধ হৈ বাঘজান তৈল খাদৰ পৰা সা-সৰঞ্জামসূহ উলিয়াই নিবলৈ বিচাৰিছিল যদিও অঞ্চলটোৰ ৰাইজে সম্পূৰ্ণ ক্ষতিপূৰণ লাভ নকৰা পৰ্যন্ত আৱদ্ধ কৰি ৰাখিছিল।

ডুমডুমাৰ চক্ৰ বিষয়া আৰ ভৰদ্বাজে জনোৱা মতে প্ৰশাসনে বাঘজান বাসীক শান্ত কৰিবলৈ যোৱা বহু দিনৰ পৰা চেষ্টা চলাই আহিছে। স্থানীয় লোকসকলে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে নিৰ্দেশ দিয়া হিচাপত সাময়িক ক্ষতিপূৰণ লাভ কৰিছে যদিও শনিবাৰে তেল খাদ প্ৰৱেশ বিন্দু অৱৰোধ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি প্ৰতিবাদকাৰীসকলক ঠাইখিনি খালী কৰিবলৈ কৈছিল যদিও একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ ওপৰত শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে বুলি প্ৰশাসনৰ এক সূত্ৰই জানিবলৈ দিয়ে।

ফলত ৬ গৰাকী আৰক্ষী জোৱান আহত হোৱাৰ লগতে অগ্নি নিৰ্বাপন কৰা এখন বাহনৰ ক্ষতিসাধন হয়।

ইয়াৰ পিছতে প্ৰশাসনে প্ৰতিবাদী ৰাইজক ছত্ৰভংগ দিয়াৰ উদ্দেশ্যে লাঠী চালনা, কন্দুৱা গেছ প্ৰয়োগ কৰে বুলি সূত্ৰটোৱে লগতে কয়।

স্খানীয় লোকৰ মতে তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। আৰক্ষীৰ প্ৰহাৰত ১৮ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ৰাবাৰ বুলেটৰ আক্ৰমণত আহত এগৰাকী প্ৰতিবাদকাৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে ৰাজহুৱা সম্পত্তি ক্ষতিসাধন কৰাৰ অভিযোগত তিনিজন প্ৰতিবাদকাৰীক আটক কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

লগতে পঢ়ক : গৰমৰ দিনকেইটাত এই কেইবিধ সুস্বাদু, পুষ্টিকৰ চালাডৰ জুতি লওক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply