নিউজ ডেস্কঃ ডিমাহাচাওৰ বিভিন্ন পাহাৰীয়া এলেকাসমূহত হোৱা ভূমিস্খলনৰ ফলত জিলাখনৰ পথ পৰিবহন আৰু ৰে’ল সেৱাৰ ওপৰত প্ৰভাৱ পৰিছে। যোৱা কিছুদিনৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাতৰ ফলতেই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে। অৱশ্যে এই ৰেলপথসমূহৰ মেৰামতিৰ কামো অব্যাহত আছে।

ইফালে, মাইবং আৰু মাহুৰ মাজতো ৰে’ল সেৱা স্তব্ধ হৈ পৰিছে ভূমিস্খলনৰ ফলত। যাৰ বাবে বহু কেইখন ৰে’লৰ যাত্ৰাৰ সময় সালসলনি কৰিবলগীয়া হৈছে। এএনআইৰ খবৰ অনুসৰি, নিউ হাফলঙৰ ষ্টেচন মাষ্টাৰ বাবুলাল বাৰাকে কৈছে যে- ‘আমি মাইবং ষ্টেচনত যাত্ৰীবাহী ৰেল ৰখাইছিলো। আমাৰ দলে ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত এলেকাসমূহত মেৰামতিৰ কাম অব্যাহত ৰাখিছে।’

আনহাতে, এই ভূমিস্খলনে ৰে’ল যাত্ৰাৰ লগতে পথযোগে যাত্ৰা কৰাৰ ক্ষেত্ৰতো বাৰুকৈ প্ৰভাৱ পেলাইছে। হাফলং আৰু শিলচৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথ মাজতে বিচ্ছিন্ন হৈ পৰিছে ভূমিস্খলনৰ ফলত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply