দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত শুকুৰবাৰে জিলখনৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মুঠ ৩৯ গৰাকী মহিলা হিতাধিকাৰীক একোটাকৈ বিনামূলীয়া চিলাই মেচিন বিতৰণ কৰা হয়। ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো মহকুমা কন্যাণ বিষয়াৰ কাৰ্যালয়ে অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰী সকলক বিভিন্ন সামগ্ৰী বিতৰণ কৰি আহিছে।
জিলাখনৰ বিভিন্ন প্ৰান্তত থকা মুঠ ৩৯ গৰাকী মহিলা হিতাধিকাৰীক ৩৯ টা চিলাই মেচিন বিনামুলীয়াকৈ বিতৰণ কৰে মহকুমা কন্যাণ বিষয়াৰ কাৰ্যালয়ে। পিছপৰা শ্ৰেণীৰ মহিলা সকলে এই চিলাই মেচিনৰ দ্বাৰা যাতে ঘৰতে কাম কৰি উপাৰ্জন কৰিব পাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি বিনামুলীয়াকৈ চিলাই মেচিন বিতৰণ কৰে। চিলাই মেচিন লাভ কৰা দিপালী ঘোষ নামৰ মহিলা হিতাধিকাৰী গৰাকীয়ে চৰকাৰীভাৱে বিনামুলীয়া চিলাই মেচিন লাভ কৰি চৰকাৰৰ প্ৰশংসা কৰে।
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসমীয়া তথ্যচিত্ৰ ‘মন পখিলা- Dream of a Woman’
আনহাতে জিলাখনত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ পৰা মুঠ ৩৭৬ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীক বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ বিতৰণ কৰি থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে ৩৭৬ গৰাকী হিতাধিকাৰীৰ ভিতৰত ২০৫ গৰাকী হিতাধিকাৰীয়ে এই ফিল্টাৰ লাভ কৰাৰ লগতে অহা সপ্তাহত আন ১৭১ গৰাকী হিতাধিকাৰীক বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ বিতৰণ কৰিব বুলি মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জেষ্ঠ সহায়ক অমিত্য চন্দ্ৰ মণ্ডলে জানিবলৈ দিয়ে। আনহাতে অহা সোমবাৰেও ১৯৮ গৰাকী হিতাধিকাৰীক এই কাৰ্যালয়ৰ পৰা কৃষি সজুলি বিনামুলীয়াকৈ বিতৰণ কৰাৰ কাৰ্যসূচী হাতত লৈছে বুলি বিষয়া জনে জানিবলৈ দিয়ে।