মৰিগাঁও জিলাত মহিলা যৌন কৰ্মীক লৈ এখন ভয়াবহ বজাৰ মেলাৰ অভিযোগ স্বেচ্ছাসেৱী সংগঠন গণকণ্ঠই। শেহতীয়াকৈ মৰিগাও জিলাৰ স্বাস্থ্য বিভাগৰ উপস্থিতিত এটা সংগঠনে জিলাখনৰ ৩০৭ গৰাকী মহিলাৰ নাম যৌনকৰ্মী হিচাপে পঞ্জীয়ন কৰি তেওলোকৰ মাজত কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে।
গণকণ্ঠই এই যৌন কৰ্মীসকলক ভুৱা বুলি উল্লেখ কৰি জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে। স্বেচ্ছাসেৱী সংগঠনটোৰ দ্ধাৰা ভুৱা যৌন কৰ্মী পঞ্জীয়ন কৰাৰ তথ্য প্ৰকাশ কৰাত জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁও জিলাত আছে প্ৰায় তিনি শতাধিক সক্ৰিয় মহিলা যৌন কৰ্মী৷এইসকল মহিলা যৌনকৰ্মী “মৰিগাঁও জিলা চমলা মহিলা সংঘত পঞ্জীয়নভূক্ত ৷
সংগঠনটোৱে জিলা এইডচ নিয়ন্ত্ৰণ বিষয়ালৈ ১১ জানুৱাৰীত প্ৰেৰণ কৰা এখন পত্ৰই পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য ৷স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত মৰিগাঁও জিলাত প্ৰায় তিনি শতাধিক মহিলা যৌন কৰ্মী পঞ্জীয়ন হোৱাৰ এই অভিযোগ উত্থাপন কৰিছে “গণ কণ্ঠ” নামৰ এটা সংগঠনে। সংগঠনটোৰ অভিযোগ, প্ৰথম অৱস্থাত এইডছৰ ওপৰত সজাগতা সৃষ্টি কৰি অহা এই সংগঠনটো নামি পৰিছে ভুৱা যৌন কৰ্মী পঞ্জীয়নৰ ক্ষেত্ৰত।

যোৱা ২১ মাৰ্চত এই মহিলা সকলৰ পাচবুক,ফটো,আধাৰকাৰ্ড জমা লৈ আৰ্থিক সাহাৰ্য?প্ৰদান কৰিব বুলি আশ্বাস দিয়ে। একাংশ ভুৱা যুৱতী মহিলাৰ নাম যৌন কৰ্মী হিচাপে পঞ্জীয়ন কৰি অখ্যাত সংগঠনটোৱে মুনাফা লুটাৰ বিপৰিতে হেয় প্ৰতিপন্ন কৰিছে জিলাখনক । সেয়ে মৰিগাঁও জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি তদন্তৰ দাবী কৰিছে “গণ কণ্ঠ” নামৰ সংগঠনটোৱে।
খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ২১ মাৰ্চত প্ৰদান কৰা এক নিৰ্দেশনা অনুসৰি এইসকল যৌন কৰ্মীক এতিয়া ৰেচন কাৰ্ড প্ৰদান কৰাৰ বাবে প্ৰস্তুতি চলাইছে ।
জাগীৰোডৰ শিলভাঙা অঞ্চলৰ এগৰাকী মহিলাই ৩৫ গৰাকীকৈ মহিলাক এই অনুষ্ঠানত যোগদান কৰোৱাইছিল। যোগদান কৰা মহিলা সকলে চৰকাৰী আচনিৰ সুবিধা পোৱাৰ উদ্দেশ্যেৰেই তালৈ গৈছিল।তেওলোকক যৌনকৰ্মী হিচাবে তাত প্ৰক্ষেপ কৰা বিষয়টো পোহৰলৈ অহাত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।