ধুবুৰী : পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে ৰাজ্যত। নামনি অসমৰ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ সাতশিয়াত সংঘটিত হৈছে এই ঘটনা। প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল নৱম শ্ৰেণীৰ ছাত্ৰী। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে সাতশিয়াত। ইতিমধ্যে প্ৰধান শিক্ষকক লপা থপা দি আৰক্ষীক গতাই দিছে ৰাইজে।
ধুবুৰী জিলাৰ ফকীৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত সাতশিয়া জনকল্যান মাধ্যমিক ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। দশম শ্ৰেণীৰ ৰেজিষ্ট্ৰেচন কৰাৰ বাবে বৃহস্পতিবাৰে এগৰাকী ছাত্ৰী বিদ্যালয়ত উপস্থিত হয়। সেই সময়ত বিদ্যালয়ত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি ছাত্ৰী গৰাকীৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাইছিল প্ৰধান শিক্ষক গৰাকীয়ে।
আৰু পঢ়কঃ আন্তজিলা যাতায়ত বন্ধ থকা সময়ত কেনেকৈ শ্ৰমিক আহিছে বহিৰাজ্যৰ পৰা
ছাত্ৰী গৰাকীয়ে নিজৰ প্ৰচেষ্টাত প্ৰধান শিক্ষকৰ হাতৰ পৰা নিজকে ৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হয়। ছাত্ৰী গৰাকীয়ে পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগে লগে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে প্ৰধান শিক্ষকক আটক কৰি লপা থপা দিয়ে।শিক্ষকৰ হাতত ছত্ৰীৰ নিৰ্যাতনৰ খবৰ অঞ্চলটোত জুইৰ দৰে বিয়পি পৰাত এক হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ফকীৰগঞ্জ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰে। ৰাইজে আৰক্ষীক গতাই দিয়া দোষী শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।