মৰান: জনহিত জনসেৱাৰ্থে থকা একাংশ আৰক্ষীৰ কান্ডই চকু কপালত তুলিছে এতিয়া ৰাইজৰ । কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সকলো থানাৰ অচি সকলক লৈ শংকৰদেব কলাক্ষেত্ৰত অনুষ্ঠিত বৈঠকত সকলো আৰক্ষীক ৰাইজৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছিল । কিন্তু কাৰ্যত কি হৈ আছে ।


যৌন আতিশায্য সহ্য কৰিব নোৱাৰি ন্যায় বিচাৰি আৰক্ষী থানালৈ যোৱা ফুটপাথৰ মহিলা দোকানীক আৰক্ষীৰ ধমক। ‘ফুটপাথত দোকান দিলে সহ্য কৰিব লাগিব নিৰ্যাতন’।


এই ঘটনা সংঘটিত হৈছে মৰানত । ঘটনাৰ বিবৰণি মতে জানিব পৰা মতে, নগৰ খনৰ এগৰাকী ফুটপাথৰ মহিলা দোকানী ভাৰতী চাহুৱে ভনীয়েকৰ সৈতে দোকান দি থকাৰ সময়ত লোকমন হুচেইন নামৰ বদমাছ প্ৰকৃতিৰ যুবক আহি তেওলোকৰ সৈতে বাদ বিবাদত লিপ্ত হৈ যৌন নিৰ্যাতন চলোৱা চেষ্টা কৰে । মহিলা দুগৰাকীয়ে থানালৈ গৈ এই সম্পৰ্কে অভিযোগ দিয়াত লিখিত ভাবে আনিবলৈ পঠিয়াই দিয়ে ।

লিখিত ভাবে এজাহাৰ দাখিল কৰা সময়ত থানা খনৰ দাস উপাধিধাৰী বিষয়া গৰাকীয়ে ফুটপাথত দোকান দিলে এনে ঘটনা সহ্য কৰিব লাগিব বুলিহে কোৱা বুলি দুইগৰাকী মহিলাৰ লগতে তেওলোকৰ লগতে যোৱা যুবক কেইজনমানে সংবাদমাধ্যমৰ আগত কয় । ব্যবস্থা গ্ৰহন কৰিবৰ বাবে দাবী জনোৱাৰ পিছত আৰক্ষীয়ে পাছদিনাহে যাব পাৰিব বুলি মন্তব্য কৰি তাৰ পৰা মহিলা দুগৰাকীক পঠিয়াই দিয়ে ।


অপৰাধ জনিত বিভিন্ন ঘটনাৰ সৈতে জড়িত লোকমন হুছেইনৰ বিৰুদ্ধে মৰান থানাত পূৰ্বতো বহু গোচৰ আছে ।
ডেৰমাহৰ আগতে স্বামীহাৰা হোৱা মহিলা গৰাকীক চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীৰ ভুমিকাই চকু কপালত তুলিছে সচেতন মহলক । এই সম্পৰ্কে উদ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী মহিলা দুগৰাকীয়ে ।

লগতে পঢ়ক – অনলাইন গেমছ PUBG খেলি সৰ্বস্বান্ত হ’ল শিৱসাগৰৰ এটা পৰিয়াল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply