নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰিছে মহাবিদ্যালয় খনৰ এগৰাকী ঠিকাভিত্তিক অধ্যাপিকাই। অধ্যাপিকা গৰাকীয়ে ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ (এ), ৩৭৬, ৫১১ অধীনত ৪৩০/২২ নম্বৰত এটা গোচৰ ৰুজু হৈছে।

অধ্যাপিকা গৰাকীয়ে এজাহাৰত অভিযোগ কৰা অনুসৰি অধ্যক্ষ গৰাকীয়ে তেঁওক চাকৰি নিয়মীয়া কৰণ কৰাৰ বদলি তেঁওৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল। অধ্যক্ষ গৰাকীৰ এই প্ৰস্তাৱক নাকচ কৰাৰ বাবেই তেঁওক মহাবিদ্যালয় খনত স্থায়ী নিযুক্তি প্ৰদান কৰা ন’হল।

শিক্ষয়িত্ৰী গৰাকীয়ে দাখিল কৰা এজাহাৰ

বিগত ১৮ মাহ ধৰি অধ্যক্ষ গৰাকীয়ে তেঁওক এইদৰে যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰো অভিযোগ তুলিছে অধ্যাপিকা গৰাকীয়ে। উল্লেখযোগ্য যে, শণিবাৰে মহাবিদ্যালয়খনত উদ্ভিদবিজ্ঞানৰ অধ্যাপকৰ পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল আৰু এইসমূহ কাৰণতে স্থায়ী নিযুক্তি লাভ নকৰাৰো অভিযোগ তুলিছে অভিযোগকাৰী অধ্যাপিকা গৰাকীয়ে।

ইয়াৰ বিপৰীতে, অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে অধ্যাপিকা গৰাকীৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৬ আৰু ৪৩৪ ধাৰাত ৪৩৪/২২ নম্বৰত এটা গোচৰ ৰুজু হৈছে।

অধ্যক্ষই দিয়া ফেচবুক প’ষ্ট

অধ্যক্ষ গৰাকীয়ে অধ্যাপিকা গৰাকীৰ অভিযোগক নস্যাৎ কৰাৰ লগতে কেৱল চাকৰিৰ বাবেই তেঁওৰ ওপৰত এই ভুৱা গোচৰ জাপি দি ব্লেকমেইলিং কৰাৰ অভিযোগ তুলিছে। বৰ্তমান নগাঁও আৰক্ষীয়ে দুয়োটা গোচৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু অধ্যাপিকাৰ অভিযোগ-প্ৰতিঅভিযোগৰ ঘটনাই নগাঁৱৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে আৰম্ভ কৰা তদন্ততহে স্পষ্ট হ’ব এই অভিযোগৰ প্ৰকৃততে কোন সচাঁ কোন মিচাঁ। জিলা খনৰ উচ্চ শিক্ষাৰ অনুষ্ঠানত উঠা অভিযোগ-প্ৰতিঅভিযোগৰ সৰ্ন্দভত আৰক্ষীৰ পৰা সঠিক তদন্তৰ আশা কৰিছে নগাওবাসী ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply