নিউজ ডেস্কঃ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰ নিহত। সোণাপুৰৰ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় শ্বাহ আলম।
আৰক্ষীৰ দুৰ্বল হেণ্ডকাফৰ পৰা বৃহস্পতিবাৰে নিশা পলায়ন কৰা শ্বাহ আলমক শনিবাৰে পুৱতি নিশা এনকাউণ্টাৰ কৰে। বুকুত দুটাকৈ গুলীৰ আঘাত শ্বাহ আলমৰ মৃত্যু হয় বুলি চিকিৎসকে ঘোষণা কৰে। বৰ্তমান GMCH ৰ মৰ্গত ৰখা হৈছে মৃতদেহটো।
আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে পুৱাৰ ভাগতেই এক টুইট যোগে তেওঁ লিখে যে, “আৰক্ষীৰ হাতত দীঘল, অপৰাধী লোকক বিচাৰি উলিওৱাৰ আৰক্ষীৰ সামৰ্থ্য আছে”।
আৰক্ষীয়ে কিয় শ্বাহ আলমক এনকাউণ্টাক কৰিবলগীয়া হ’ল এতিয়াও এই বিষয়ে স্পষ্ট হোৱা নাই যদিও দিনৰ ভাগত শীৰ্ষ আৰক্ষী বিষয়াই অৱগত কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, ২১ নৱেম্বৰত পাঞ্জাৱাৰীত সংঘটিত হৈছিল পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ড। দিন-দুপৰতে মহানগৰৰ মাজমজিয়াত শ্বাহ আলমৰ নেতৃত্বই এই ভয়াবহ ঘটনা সংঘটিত হৈছিল। ৫ ফেব্ৰুৱাৰীত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।