নিউজ ডেস্ক : পুনৰ চৰ্চালৈ আহিছে দেশ কপোঁৱা শ্বিনা বৰা হত্যাকাণ্ড। হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা শ্বিনাৰ মাতৃ ইন্দ্ৰানী মুখাৰ্জীয়ে শ্বিনা জীয়াই থকা বুলি দাবী কৰিছে।
কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইলৈ দিয়া পত্ৰত ইন্দ্ৰানী মুখাৰ্জীয়ে শ্বিনা বৰাৰ মৃত্যু হোৱা নাই বুলি দাবী কৰে। পত্ৰত ইন্দ্ৰানী মুখাৰ্জীয়ে শ্বিনা বৰ্তমান কাশ্মীৰত বাস কৰি আছে বুলি কয়।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি মতে চি বি আইলৈ দিয়া পত্ৰত ইন্দ্ৰানী মুখাৰ্জীয়ে উল্লেখ কৰা মতে কিছুদিন পূৰ্বে তেওঁৰ সৈতে কাৰাগাৰত বন্দী হৈ থকা এগৰাকী মহিলাৰ সৈতে কথা পাতোতে মহিলা গৰাকীয়ে শ্বিনাক কাশ্মীৰত দেখা বুলি জনাইছিল।
ইয়াৰ পিছতে ইন্দ্ৰানী মুখাৰ্জীয়ে চি বি আইক পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰত শ্বিনা বৰাক সন্ধান কৰিবলৈ অনুৰোধ জনায়।
উল্লেখযোগ্য যে নিজৰ কন্যা শ্বিনা বৰাক হত্যা কৰাৰ অভিযোগত ২০১৫ চনত মুম্বাই আৰক্ষীয়ে ইন্দ্ৰানী মুখাৰ্জীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰা ইন্দ্ৰানী মুখাৰ্জী মুম্বাইৰ বাইকুল্লা কাৰাগাৰত কাৰাবন্দী হৈ আছে।
২০১২ চনত সংঘটিত হৈছিল চাঞ্চল্যকৰ শ্বিনা বৰা হত্যাকাণ্ড।
লগতে পঢ়ক : বন বিভাগৰ অভিযানত জব্দ বহু ডাউক আৰু কাম চৰাই