নিউজ ডেস্ক : পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগত স্বামী ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পিছত প্ৰথম বাৰলৈ ৰাজহুৱাকৈ বক্তব্য আগবঢ়াইছে বলিউডৰ অভিনেত্ৰী শিল্পা ছেট্টীয়ে। ইমান দিনে বিষয়টো সন্দৰ্ভত একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থকাৰ পিছত সোমবাৰে টুইটাৰ যোগে নিজৰ মন্তব্য প্ৰকাশ কৰে।

মাই ষ্টেটমেণ্ট বুলি দিয়া এক টুইটত অভিনেত্ৰী গৰাকীয়ে বিগত দিনকেইটা তেওঁৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ আছিল বুলি মন্তব্য কৰে।

তেওঁৰ লগতে তেওঁৰ পৰিয়াল যথেষ্ট ‘প্ৰশ্ন’ আৰু ‘ট্ৰলিঙৰ’ সন্মুখীন হ’ব লগীয়া হৈছে বুলি উল্লেখ কৰি টুইটটোত তেওঁ কয়, ‘মোৰ স্থিতি এটাই – মই ইয়াৰ ওপৰত এতিয়ালৈ একো কোৱা নাই আগলৈও এই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকিম।’

‘যিহেতু বিষয়টো বিচাৰাধীন হৈ আছে গতিকে অনুগ্ৰহ কৰি মোৰ ওপৰত মিছা মন্তব্য আগবঢ়োৱা বন্ধ কৰক,’ তেওঁ লগতে কয়।

দেশৰ ন্যায়পালিকা আৰু মুম্বাই আৰক্ষীৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে বুলি উল্লেখ কৰি এই সন্ধৰ্ভত তেওঁলোকে ন্যায়ৰ বাবে আইনী প্ৰক্ৰিয়াৰ অধীনত আগবাঢ়ি যাব বুলি কয়।

লগতে পঢ়ক : মিজোৰামৰ সাংসদৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply