গুৱাহাটী : বাধাগ্ৰস্ত লোক সকলক সমধিকাৰ আৰু সমমৰ্যাদা প্ৰদান কৰাৰ বাবে ‘বাধাগ্ৰস্ত সকলৰ অধিকাৰ আইন, ২০১৬’ প্ৰৱৰ্তন কৰা হৈছে যদিও বাধাগ্ৰস্ত লোক সকল বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰ সমূহ লাভ কৰাৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিছে। বাধাগ্ৰস্ত লোক সকলে যাতে তেওঁলোকৰ অধিকাৰ সমূহ লাভ কৰিবলৈ সক্ষম হয় এই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰৰ সমাজ কল্যান বিভাগে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি বাধাগ্ৰস্ত সকলৰ অধিকাৰ আইন, ২০১৬ সম্পৰ্কে সজাগতা সৃষ্টিৰ অভিযান হাতত লৈছে। সমাজ কল্যান বিভাগে শিশু সাৰথি নামৰ বেচৰকাৰী সন্থাৰ সহযোগ ৰাজ্যজুৰি এই সজাগতা অভিযান ইতিমধ্যে সম্পন্ন কৰিছে।

বাধাগ্ৰস্ত লোক সকলৰ সমসুবিধা, অধিক আৰু অংশগ্ৰহণৰ সুৰক্ষা আইন ১৯৯৫ সংশোধন কৰি নতুনকৈ প্ৰৱৰ্তন কৰা ২০১৬ৰ আইনখনত বাধাগ্ৰস্ত লোকৰ সংখ্যাৰ প্ৰকাৰ ৭ৰ পৰা ২১ লৈ বৃদ্ধি কৰি তেওঁলোকৰ অধিকাৰ সম্পৰ্কে থকা পুৰণি আইনখনত এক ব্যাপক সলনি ঘটাইছে। নতুন আইনখনে লগতে বাধাগ্ৰস্ত লোক সকলৰ অধিকাৰ আৰু সুবিধাৰ বাবে চৰকাৰৰ ওপৰত কিছুমান কৰ্তব্য আৰু দায়িত্ব অৰ্পণ কৰিছে। বাধাগ্ৰস্ত লোক সকলৰ বিভিন্ন অধিকাৰৰ বাবে এই আইনখনে চৰকাৰ, প্ৰশাসন, বিভিন্ন চৰকাৰী সন্থা, শিক্ষা প্ৰতিষ্ঠান আৰু সাংবাদ মাধ্যমক ইত্যাদিক সজাগ কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে।

এই আইনখনত বাধাগ্ৰস্ত লোক সকলৰ বাবে সন্নিৱিষ্ট হৈ থকা বিভিন্ন অধিকাৰ সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে বাধাগ্ৰস্ত লোক সকলক কোন এই সম্পৰ্কে প্ৰথমে বুজি লোৱাটো অতিকৈ প্ৰয়োজন। বাধাগ্ৰস্ত লোক বুলিলে সমাজৰ সেই সকল লোকক বুজায় যি সকল লোক দীৰ্ঘকালীন শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সংবেদনমূলক অসুবিধাৰে যুঁজি আছে। এই সকল লোক সমাজৰ বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ’বলগীয়া হয় আৰু ফলত এই সকল লোক সমাজত সমভাৱে অংশগ্ৰহণ কৰিব নোৱাৰে। নৃন্যতম মানদণ্ড থকা বাধাগ্ৰস্ত লোক বুলিলে সেই সকল লোকক বুজায় যি সকল লোকৰ ক্ষেত্ৰত ২১ প্ৰকাৰৰ বাধাগ্ৰস্ততাৰ ভিতৰত যিকোনো এটা বাধাগ্ৰস্ততা ৪০ শতাংশ থাকিব।

বাধাগ্ৰস্ত লোক সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ মাজত সজাগতাৰ অভাৱত প্ৰায়ে বাধাগ্ৰস্ত লোক সকল তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা দেখিবলৈ পোৱা যায়। একে ধৰণে বিভিন্ন চৰকাৰী সংস্থাৰ বিষয়া সকলৰ মাজতো ২০১৬ চনৰ আইনখনৰ সম্পৰ্কে সজাগতাৰ অভাৱত আইনখনত অন্তর্ভূক্ত হৈ থকা বহু কৰিবলগীয়া কাম সঠিকভাৱে ৰূপায়ন হোৱা দেখিবলৈ পোৱা নাযায়। সেইহে বাধাগ্ৰস্ত লোক সকল, তেওঁলোকৰ পৰিয়াল, সৰ্বসাধাৰণ ৰাইজৰ লগতে বিভিন্ন চৰকাৰী সন্থাৰ বিষয়া আৰু কৰ্মচাৰী সকলৰ মাজত এই আইন সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সমাজ কল্যান বিভাগ আগুৱাই আহিছে।

এই অভিযানৰ সময়ছোৱাত ভিডিঅ’, ৰেডিঅ’ৰ লগতে বিভিন্ন সামাজিক মাধ্যমৰ সহায়ত সমাজ কল্যান বিভাগে শিশু সাৰথি নামৰ বেচৰকাৰী সন্থাৰ সহযোগত ২০১৯ চনৰ আগষ্ট মাহৰ পৰা ২০২১ চনৰ মার্চ মাহলৈকে মাণ্ডলীক পৰ্যায়ত ৫ টা, জিলা পৰ্যায়ত ২৫ টা, ৰাজ্যিক পৰ্যায়ত ১ টা আৰু সংবাদ মাধ্যমৰ লগত ১ টা সজাগতা অভিযানৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিছে। ২০১৬ চনৰ আইন সম্পৰ্কে সমাজ কল্যান বিভাগৰ লগতে অন্যান্য কেইবাটাও বিভাগৰ বহু কৰিবলগীয়া থকাৰ বাবে স্বাস্থ্য, শিক্ষা, ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্হাপনা বিভাগ, নিয়োগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু অন্যান্য কেইবাটাও বিভাগৰ চৰকাৰী বিষয়া, তৃণমূল পৰ্যায়ৰ আংগনবাদী কর্মী, এ এন এম নাৰ্চ, আশা কৰ্মী, বাধাগ্ৰস্ত লোক সকলৰ পৰিয়ালৰ লোকৰ লগতে বিভিন্ন বেচৰকাৰী সন্থাক সাঙুৰি লোৱা হৈছে এই সজাগতা অভিযানত।

বাধাগ্ৰস্ত লোক সকলৰ এই আইন সম্পৰ্কে আংগনবাদী কর্মী আৰু আশা কর্মী সকলক অৱগত কৰাৰ মূল উদ্দেশ্য হৈছে সমাজত থকা বাধাগ্ৰস্ত লোক সকলৰ সঠিক তথ্য আংগনবাদী কর্মী আৰু আশা কর্মী সকলক ওচৰত থাকে। আংগনবাদী কর্মী আৰু আশা কর্মী সকল যেতিয়া কোনোবা এগৰাকী বাধাগ্ৰস্ত লোক সম্পৰ্কে অৱগত হয় তেতিয়া এই লোক সকলক অথবা তেওঁলোকৰ পৰিয়ালৰ লোকক আংগনবাদী কর্মী আৰু আশা কর্মী সকল বাধাগ্ৰস্ত সকলৰ অধিকাৰ আইন, ২০১৬ সম্পৰ্কে অৱগত কৰিব পাৰে এই লক্ষ্য আগত ৰাখি আংগনবাদী কর্মী আৰু আশা কর্মী সকলক এই আইন সম্পৰ্কে সজাগ কৰা হৈছে।

বাধাগ্ৰস্ত লোক সকলৰ অধিকাৰ সম্পর্কে থকা ১৯৯৫ চনৰ আইনখন ৰূপায়নৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্য-বাধকতা নাছিল যদিও ২০১৬ চনৰ নতুন আইনখনত বাধ্য-বাধকতা থকাৰ বাবে এই আইনখনকলৈ সজাগতা সৃষ্টি কৰাৰ ওপৰত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। চৰকাৰী বিষয়া সকলে যাতে বাধাগ্ৰস্ত লোক সকলৰ অধিকাৰৰ বিষয়বস্তু সমূহ সন্মুখত ৰাখি চৰকাৰী কাৰ্যসূচী সমূহ ৰূপায়ন কৰে ইয়াৰ বাবে চৰকাৰী বিষয়া সকলক এই সজাগতা অভিযানত সাঙুৰি লোৱা হৈছে।

নতুন আইনখনে বাধাগ্ৰস্ত লোক সকলক সমঅধিকাৰ আৰু বৈষম্যহীন পৰিৱেশ প্ৰদান কৰি ৰাজনৈতিক, সামাজিক, শিক্ষা, নিয়োগৰ লগতে অন্যান্য ক্ষেত্ৰত সকলো ধৰণৰ অধিকাৰ প্ৰদান কৰিছে। আইনখনত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত থকা বাধাগ্ৰস্ত লোক সকলৰ আসন সংৰক্ষণৰ হাৰ ৩ শতাংশৰ পৰা ৪ শতাংশলৈ বৃদ্ধি কৰিছে। একেদৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধাগ্ৰস্ত লোক সকলৰ আসন সংৰক্ষণৰ হাৰ ৩ শতাংশৰ পৰা ৫ শতাংশলৈ বৃদ্ধি কৰিছে।

বাধাগ্ৰস্ত লোক সকলৰ অধিকাৰ সন্নিবিষ্ট হৈ থকা এই আইনখনকলৈ সজাগতা সৃষ্টি কৰিলেহে বাধাগ্ৰস্ত লোক সকল নিজৰ অধিকাৰ সমূহৰ সম্পৰ্কে জ্ঞাত হ’ব আৰু তেওঁলোকে নিজৰ অধিকাৰ সমূহ দাবী কৰিব পাৰিব। ইয়াৰ লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া সকলে বাধাগ্ৰস্ত লোক সকলৰ অধিকাৰ সমূহ সন্মুখত ৰাখি চৰকাৰী আঁচনি সমূহৰ লগতে চৰকাৰী কামকাজ আগুৱাই নিয়াৰ বাবে তেওঁলোক বাধাগ্ৰস্ত লোক সকলৰ অধিকাৰ সমূহ সম্পৰ্কে জ্ঞাত হ’ব লাগিব। এই সজাগতা অভিযানৰ জৰিয়তে এফালে যদি বাধাগ্ৰস্ত লোক সকলক তেওঁলোৰ অধিকাৰ সমূহৰ সম্পৰ্কে অৱগত কৰা হৈছে আনফালে চৰকাৰী বিষয়া সকলৰ আগত বাধাগ্ৰস্ত লোক সকলৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্ব সমূহ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।

বাধাগ্ৰস্ত সকলৰ অধিকাৰ আইন, ২০১৬ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসম চৰকাৰৰ সমাজ কল্যান বিভাগে আগুৱাই আহি পদক্ষেপ গ্ৰহণ কৰা কাৰ্যটো অতিকৈ প্ৰশংসনীয় যদিও এইয়া মাত্ৰ আৰম্ভণিহে। এই আইন সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এতিয়াও বহু কৰিবলগীয়া আছে। নতুন আইনখনে বাধাগ্ৰস্ত লোক সকলক শিক্ষা, নিয়োগ আৰু অন্যান্য অধিকাৰৰ লগতে তেওঁলোকৰ বাবে এক বাধাহীন পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত যি ধৰণে গুৰুত্ব প্ৰদান কৰিছে ইয়াৰ বাবে এই আইনখন মানৱ অধিকাৰৰ অতিকৈ প্ৰয়োজনীয় নথি হিচাপে স্বীকৃতি লাভ কৰিছে। এতিয়া যদি এই আইনখন সঠিকভাৱে ৰূপায়ন কৰা নহয় তেন্তে এই আইনখন বাস্তবক্ষেত্ৰত কেৱল মাত্ৰ এক নথি হিচাপে থাকি যোৱাৰ সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply