নিউজ ডেস্ক- আজি মহা শিৱৰাত্ৰি। ৰাজ্যজুৰি উদযাপন কৰা হৈছে মহাদেৱৰ আৰাধনা। পুৱাৰে পৰা শিৱ বন্দনাৰে মুখৰিত হৈ পৰিছে মঠ-মন্দিৰ সমূহ। শিৱৰাত্ৰি উপলক্ষে গুৱাহাটী মহানগৰীৰ উমানন্দ, শুক্ৰেশ্বৰ মন্দিৰৰ লগতে শিৱসাগৰৰ শিৱদৌলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহলৈ পুৱাৰ পৰা ভক্তৰ লানি নিচিগা সোঁত বৈছে। মন্দিৰসমূহত আড়ম্বৰপূৰ্ণভাৱে চলিছে নীলকন্ঠৰ আৰাধনা।

প্ৰতিবছৰে ফাগুন মাহত মহা শিৱৰাত্ৰি উদযাপন কৰা হয়। শিৱসাগৰৰ শিৱদৌল চাৰি দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শিৱ মহোৎসৱৰ। শিৱৰাত্ৰি লগত সংগতি ৰাখি প্ৰতি বছৰে এখন বিশাল মেলাৰো আয়োজন কৰা হয় । এই মেলাত প্ৰায় ৭০০খন বিপনীৰ লগতে প্ৰতিদিনে বহুলোকৰ সমাগম ঘটে।

একেদৰেই তেজপুৰৰ মহাভৈৰৱ মন্দিৰতো উখল-মাখল পৰিৱেশ। শিৱৰাত্ৰি উপলক্ষে চলিছে ব্যাপক আয়োজন চলিছে। শিৱৰ আৰাধনা কৰিবলৈ মহাভৈৰৱ মন্দিৰতো ভক্তয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে।

সমগ্ৰ দেশতে আজি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰী। দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰযোগে দেশবাসীক জনালে শুভেচ্ছা।

এই পৱিত্ৰ দিনটোত দেশবাসীৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply