শিৱসাগৰ: আহোম স্বৰ্গদেউ সকলৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকাই কুঁৱৰীয়ে ১০০ পুৰা মাটিত শিৱসাগৰ পুখুৰী খন্দোৱাই তাৰ পাৰত নিৰ্মাণ কৰিছিল সুউচ্চ শিৱ দ’ল।
সোণৰ কলচি যুক্ত শিৱসাগৰৰ এই শিৱদ’ল এছিয়াৰ ভিতৰত সবাটোতকৈ ওখ।
অতীজৰে পৰা মহা শিৱৰাত্ৰীৰ দিনা এই পবিত্ৰ শিৱ পূজাৰ লগ্নৰ দিনা ঐতিহাসিক এই শিৱ দ’লত লক্ষাধিক ভক্তৰ সমাগম হয়।
হিন্দু ধৰ্মালম্বী লোকৰ লগতে জাতি ধৰ্ম নিৰ্বিশেষে এই শিৱ পূজাত অংশগ্ৰহণ কৰে।
শিৱ পূজাৰ লগতে প্ৰতি বছৰে অনুষ্ঠিত হয় এক মেলাৰ। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। ক’ভিডৰ বাবে যোৱা দুটা বছৰ এই মেলা হোৱা নাছিল এইবাৰ এই মেলাত ৰাজ্যৰ লগতে বহি:ৰাজ্যৰ বহু ব্যৱসায়ীৰ আগমন ঘটিছে।
শিৱসাগৰৰ শিৱ দ’লৰ শিৱৰাত্ৰী যিদৰে ভক্তি আৰু আস্থাৰ প্ৰতীক সেইদৰে শিৱৰাত্ৰী মেলা হৈছে আকৰ্ষণ আৰু মনোৰঞ্জনৰ কেন্দ্ৰ।
এইবাৰ দ’ল উন্নয়ন সমিতিয়ে ৬০০ অস্থায়ী দোকানৰ ব্যৱস্থা কৰিছে।
আজি প্ৰথম দিনা কাৰ্যসূচী ৰূপে শিৱসাগৰ জিলা উপায়ুক্ত তথা দল উন্নয়ন সমিতিৰ সভাপতি মেঘ নিধি দাহালে বন্তি প্ৰজ্বলনেৰে শ্ৰী শ্ৰী শিৱৰাত্রী উৎসৱ আৰু মেলাৰ চাৰিদিনীয়া কাৰ্যসূচীৰ আৰম্ভণি কৰে।
ইফালে আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শিৱ দ’লত পূজা অৰ্চনা কৰে।