নিউজ ডেস্কঃ আজি মহা শিৱৰাত্ৰি। শিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰতিটো শিৱ মন্দিৰত ভক্তপ্ৰাণ ৰাইজে আগবঢ়ালে পূজা অৰ্চনা। মনৰ বাঞ্ছা পূৰণৰ বাবে দেবাদিদেৱৰ আৰাধনা কৰিবলৈ পুৱাৰ পৰাই শ শ ৰাইজে ভিৰ কৰিলেহি ৰাজ্যৰ বিভিন্ন শিৱ মন্দিৰ সমূহত।
শিৱৰাত্ৰি উপলক্ষে বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত সপৰিয়ালে পূজা অৰ্চনা আগবঢ়ালে ৰাজ্যপাল জগদীশ মুখীয়ে।

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌললৈ মনোবাঞ্ছা পূৰণৰ বাবে মহাদেৱৰ আশিষ বিচাৰি আহিল অগণন ভক্ত। দেশৰ ভিতৰতে আটাইতকৈ ওখ শিৱ দৌল হিচাবে পৰিচিত এই ঐতিহাসিক শিৱ দ’লত বিগত ২৮০ বছৰৰো অধিক কাল পৰম্পৰাগত ভাৱে মহা শিৱ ৰাত্রি পালন কৰি অহা হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি পুৱাৰে পৰা এছিয়াৰ ভিতৰতে প্ৰসিদ্ধ আৰু বৃহত্তম শিৱ লিংগৰ দৰ্শনৰ বাবে তেজপুৰ চহৰৰ মহাভৈৰব শিৱ মন্দিৰত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয় ৷ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ভক্তৰ সমাগম ঘটে এই দিনটোত। ভক্তৰ সুবিধাৰ্থে জিলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কোনো অসুবিধা যাতে নহয় সকলো দিশতে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিছে।

শিৱৰাত্ৰি উপলক্ষে চৈবাৰীস্থিত শ্ৰী শ্ৰী বাবা নাগেশ্বৰ মন্দিৰ প্ৰাংগনত কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা যায় ৷ পুৱাৰে পৰা ধৰ্মীয় ৰীতি-নীতিৰে ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা আগবঢ়ায়।
