কামৰূপ জিলা দিৱসৰ লগত সংগতি ৰাখি এখন চুটি ছবি প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ অহা ৩১ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ আয়োজন কৰা হ’ব এই প্ৰতিযোগিতাৰ।


প্ৰতিযোগিতাৰ বাবে নিৰ্দিষ্ট কৰা হৈছে তিনিটা বিষয়। এই কেইটা বিষয়ৰ ওপৰত চুটি ছবি নিৰ্মাণ কৰি ইচ্ছুক প্ৰতিযোগীসকলে এই প্ৰতিযোগিতাত অংশ ল’ব পাৰিব৷ বিষয় কেইটা হৈছে
ড্ৰাগছ মুক্ত অসম অসম-২০৫০ আৰু সবল মহিলা, সবল অসম৷

এই ছবিৰ দৈৰ্ঘ্য হ’ব লাগিব সৰ্বাধিক ৫ মিনিট৷ বিজয়ী তিনিখন ছবিৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ মিলি মুঠ ২৫ হাজাৰ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব৷

এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব৷ ইচ্ছুক ব্যক্তিসকলে নিজৰ নাম, ঠিকনা আৰু পাছপ’ট আকাৰৰ ফটোৰ সৈতে উল্লেখিত যিকোনো এটা বিষয়ত নিৰ্মাণ কৰা চুটি ছবি অহা ৩০ মাৰ্চৰ ভিতৰত গুগল ড্ৰাইভত আপলোড কৰি ইয়াৰ লিংক ৭০০২৭-০৭৭৫৬ হোৱাটছএপ নম্বৰ যোগে অথবা roys.ghy@gmail.comত মেইল কৰিব লাগিব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply