গুৱাহাটীঃ জ্যেষ্ঠ সাংবাদিক-গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ প্ৰখ্যাত গল্প “শগুন”-ৰ আধাৰত উৎপল বৰপূজাৰীৰ একে নামৰ চুটি ছবি খন শেহতীয়াকৈ ২১-তম নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল লৈ নিৰ্বাচিত হৈছে।
আই এফ টি ইণ্ডিয়াৰ দ্বাৰা প্ৰযোজিত “শগুন” ছবিখন ৪জুনৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হ’বলগীয়া নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব।
কোভিড মহামাৰিৰ বাবে এইবাৰৰ মহোৎসৱ অনলাইন যোগে অনুষ্ঠিত হ’ব বুলি আয়োজক সকলে জনাইছে।
গোৱালপাৰাৰ আগিয়া অঞ্চলত বাডুংদুপ্পা কলাকেন্দ্ৰৰ সহযোগত চিত্ৰগ্ৰহণ হোৱা এই ছবিখনে বৰ্তমান সময়ৰ সংবাদ মাধ্যমৰ কিছুমান দিশৰ ওপৰত এক নিৰ্মোহ আলোকপাত কৰিছে।
ছবিখনত অভিনয় কৰিছে সঞ্জীৱ হাজৰিকা, ধনঞ্জয় দেৱনাথ, ৰিমঝিম ডেকা, অংকিত শাণ্ডিল্য, কপিল গাৰো, অনুৰাগ ৰাভা, ফণীভুষণ ৰাভা আৰু আশিস ৰাভাই।
এই চলচ্চিত্ৰখনৰ নিৰ্মাণৰ লগত জড়িত আন কলাকুশলী সকল বসন্ত কুমাৰ বৰঠাকুৰ (কাৰ্য্যবাহী প্ৰযোজক), চিদা বৰা (চিত্ৰগ্ৰহণ), উমেশ কুমাৰ ( সম্পাদনা), অমৃত প্ৰীতম দত্ত (শব্দ সংযোজন, সম্পাদনা তথা মিশ্ৰণ), অনুৰাগ শইকীয়া (সংগীত), দেৱজিৎ গায়ন (লোকেচন শব্দ গ্ৰহণ), ঘনশ্যাম কলিতা (মুখ্য সহকাৰী পৰিচালক তথা কালাৰিষ্ট), দীপিকা ডেকা (সহকাৰী পৰিচালক), মদন ৰাভা (কলা নিৰ্দেশক) আৰু হোমেন বৰা (প্ৰযোজনা প্ৰবন্ধক)।
চিনেমাখনৰ পোষ্টাৰ ডিজাইন কৰিছে সমুদ্ৰ কাজল শইকীয়াই আৰু লাইন প্ৰডাকচন কৰিছে ৯২X২৬ ফিল্মচয়ে।
চিনেমাখনৰ বিষয়ে পৰিচালক বৰপূজাৰীয়ে কয়, “মনোজ কুমাৰ গোস্বামী দেৱৰ শগুন গল্পটি বৰ্তমান সময়ৰ সংবাদ মাধ্যমৰ ওপৰত এক নিৰ্মোহ আৰু শক্তিশালী আলোকপাত। ছৱি খনতো দৃশ্য শ্ৰব্য মাধ্যমৰ যোগেদি সেই জগতখনৰ বিষয়ে কিছু কথা ক’ব বিচৰা হৈছে।”
“আন যিকোনো কৰ্ম মাধ্যমৰ দৰে সাংবাদিকতাটো ভাল আৰু বেয়া দুয়ো ধৰণৰ লোক আছে। কিন্তু দুই দশকৰো অধিক সময় ভাৰতৰ বিভিন্ন চহৰ-নগৰ আৰু ভিতৰুৱা অঞ্চলৰ পৰা সংবাদ সংগ্ৰহ কৰাৰ অভিজ্ঞতাৰ ভিত্তিত এই জগত খনৰ যোৱা কিছু সময়ত হোৱা দ্ৰুত অৱক্ষয়ে বহু সাংবাদিকৰ লগতে মোকো আমনি কৰি থাকে। তাৰেই এক প্ৰতিফলন হিচাপে এই ছবিখন নিৰ্মাণ কৰা হৈছে,” বুলিও পৰিচালকগৰাকীয়ে উল্লেখ কৰে ।
আৰু পঢ়কঃদেশত হ্ৰাস পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা : নিম্নগামী হৈছে মৃত্যুৰ হাৰ