নিউজ ডেস্কঃ দুৰ্নীতিৰ অভিযোগত তিনিমাহৰ পিছত জেলত থকা শুকুৰ আলী আহিল মুকলি আকাশৰ তললৈ। জেলৰ পৰা আহিয়ে আন এটা বেয়া খবৰৰ সন্মুখীল হ’ল তেওঁ। শুকুৰ আলীয়ে হেৰুৱালে ভিছিডিচি ৰ চেয়াৰমেনৰ পদ।
শুকুৰক অপসাৰণৰ পিছতেই আব্দুল মালিকক নতুন VCDC ৰ চেয়াৰমেনৰ দায়িত্ব দিয়া হৈছে বুলি জানিব পৰা গৈছে।
এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি কৈ থকা শুকুৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিবলৈ গুৱাহাটীলৈ ৰাওনা হৈছে।
উল্লখযোগ্য যে, কোকৰাঝাৰ জিলাৰ পবৰ্তঝোৰা মহকুমাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ মদাতী VCDC ত বিজেপি দলৰ পৰা শুকুৰক চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু মুখ্যমন্ত্ৰী ঘনিষ্ঠ বুলি নিজকে পৰিচয় দিয়া শুকুৰে হিতাধিকাৰীৰ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন হয় । যাৰ বাবে তিনিমাহ ধৰি শুকুৰ জেলত থকা শুকুৰ আলীক আদালতে মঙলবাৰে জামিন মঞ্জুৰ কৰে।
লগতে পঢ়ক – অসমত বৃদ্ধি পালে MBBS পাঠ্যক্ৰমৰ আসন