গুৱাহাটী-অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষা কেলেংকাৰী তদন্ত প্ৰায় সম্পূৰ্ণ কৰিছে তদন্তকাৰী চিআইডিয়ে |উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ বাবে হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ মুকলি বজাৰলৈ উলিয়াই দিয়াৰ অভিযোগ | তদন্তৰ অন্তত শুকুৰবাৰে SI কেলেংকাৰীৰ চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে বিশেষ আদালতত |

১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ৩৬জন অভিযুক্তৰ বিৰুদ্ধে দিয়া হৈছে প্ৰমাণ। চাৰ্জশ্বিটত আছে ৩৫ গৰাকী সাক্ষীৰ CrPCৰ ১৬৪ জনৰ জবানবন্দী, ৫ জন অভিযুক্তৰ CrPCৰ ১৬৪ জবানবন্দী৷ লগত আছে ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন৷ চাৰ্জশ্বিটৰ লগত ৪০০০ পৃষ্ঠাৰ নথি সংলগ্ন কৰি দিয়া হৈছে।

ইতিমধ্যে এই ঘটনাৰ লগত জড়িত হোৱাৰ অভিযোগত এজন আৰক্ষী অধীক্ষক কুমাৰ সনজিত কৃষ্ণ, অৱসৰ প্ৰাপ্ত ডি আই জি পি কে দত্ত সহ বহুজনক গ্ৰেপ্তাৰ কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply