হাইলাকান্দি : উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী। উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন আৰক্ষী। এছ আই সুধন্যা ভট্টাচাৰ্য ৫ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল।
পুনৰ এজন আৰক্ষী বিষয়া গ্ৰেপ্তাৰ। উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে হাইলাকান্দি আৰক্ষী চকীৰ এছ আই সুধন্যা ভট্টাচাৰ্যক।
লগতে পঢ়ক : গোগামুখত শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ পূৰ্ণ প্ৰস্তুতি
থানাৰ ভিতৰতে সুধন্যা ভট্টাচাৰ্যই এজন লোকৰ পৰা ৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই সুধন্যা ভট্টাচাৰ্যই গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ বিশেষ শাখাৰ ডিআইজি জি পি সিঙে এই সম্পৰ্কে টুইট কৰি জানিবলৈ দিছে।