নিউজ ডেস্কঃ ২৪ এপ্ৰিলত অনুষ্ঠিত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত বৰ্তমানলৈ তিনিজনক আটক কৰা হৈছে। ইয়াৰে দুজন যুৱক কামপুৰৰ পৰা আৰু আন জন নগাঁৱৰ।

এই সন্দৰ্ভত সংবাদিকৰ আগত নগাঁৱৰ এছ পি লীনা দলেয়ে কয়- ‘কালি অনুষ্ঠিত হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি আমি খবৰ পাইছিলো। আমি এই খবৰ পোৱাৰ পাছতে লগে লগে পিন্টু গোঁহাইক লৈ আনো সোধ-পোছৰ কাৰণে। পিন্টু গোঁহাইৰ পাছত প্ৰাঞ্জল দেউৰীকো আমি লৈ আহিলো। প্ৰাঞ্জল দেউৰীৰ পৰা আমি নাম পালো সোণমনি কোচৰ। তিনিওজনকে আমি সোধ-পোছ কৰাৰ পাছত গম পালো যে আচলতে তেনেকুৱা কোনো খেলিমেলি হোৱা নাই।’

লগতে নগাঁৱৰ মহিলা আৰক্ষী বিষয়াগৰাকীয়ে কয়- ‘সোণমনি কোচে গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী কলেজত বহিছিল। ৰূম নম্বৰ ৫ত। তাত ১২ গৰাকী পৰীক্ষাৰ্থী আছিল। ১২জনৰ ভিতৰত ৩জন অনুপস্থিত আছিল। আৰু বাকী ৯জন উপস্থিত আছিল। পৰীক্ষাৰ পাছত অ’ এম আৰ শ্বিট তেওঁলোকে জমা দিলে। কিন্তু ইনভিজিলেটৰে তেওঁলোকৰ পৰা প্ৰশ্নকাকত জমা নল’লে। আৰু তাৰপাছত তেওঁলোকক ঘৰলৈ যাবলৈ দিলে। সোণমনি কোচে কোৱা মতে, তেওঁলোকে গম পাইছিল যে কিবা এটা খেলিমেলি হৈছে। কাৰণ সাধাৰণতে প্ৰশ্নকাকত ঘূৰাই লোৱা হয়। বাকী কেইজন পৰীক্ষাৰ্থীয়েও প্ৰশ্নকাকত লৈ ঘৰলৈ উভতি যায়। সোণমনি কোচে ঘৰলৈ ঘূৰি আহে। মৰিগাঁৱলৈ ঘূৰি আহোতে তেওঁৰ লগৰ প্ৰাঞ্জল দেউৰীৰ প্ৰশ্নকাকতখন তেওঁৰ লগত থাকি যায়। তাৰপাছত প্ৰাঞ্জল দেউৰীয়েক হোৱাটছএপত প্ৰশ্নকাকতখন ফটো মাৰি সোণমনি কোচে দিয়ে। প্ৰাঞ্জল দেউৰীয়ে প্ৰশ্নকাকতখন এইবাবেই লৈছিল যে তেওঁ তুলনা কৰিব বিচাৰিছিল যে প্ৰশ্নবোৰৰ উত্তৰ কোনে কি দিছে। আৰু তেওঁৰ পৰা পিন্টু গোঁহাইয়েও প্ৰশ্নকাকতখনৰ ফটোটো হোৱাটছএপযোগে লৈছিল। পৰীক্ষাৰ আগতে প্ৰশ্নকাকত ফাদিল হোৱা নাই। আৰু আমি দেখিছো যে কোনো বেয়া ভাব লৈ তেওঁলোকে এই কামটো কৰা নাই। আৰু সকলো ৰিপৰ্ট আৰক্ষী মুখ্য কাৰ্যালয়লৈ পঠিওৱা হৈছে। গতিকে ইনভিজিলেটৰৰ ওপৰত কি ব্যৱস্থা ল’ব তেওঁলোকে চাব।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply