মাজুলীঃ ভাবি স্বামীক আটক কৰি নিজকে নিৰ্দোষী সজাব খোজা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ কু-কীৰ্তি পোহৰলৈ আহিছে। নগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত জোনমণি ৰাভাই কিছুদিন পূৰ্বে ভাবি স্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ গোচৰত আটক কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। কিন্তু নিজকে ধোৱা তুলসীৰ পাত সজাব বিচৰা আৰক্ষী বিষয়া গৰাকীৰ কু-কীৰ্তিয়ে বৰ্তমান সকলোকে হতচকিত কৰিছে।

ভাবি স্বামী ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছিল যদিও এই প্ৰৱঞ্চনাৰ বিষয়ে জোনমণি ৰাভাই যে পূৰ্বৰ পৰাই যে জানিছিল সেই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। ভাইৰেল হৈছে আৰক্ষী বিষয়া গৰাকীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ। আনহাতে দালাল ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে আৰক্ষী বিষয়া ৰাভাই  ONGC ৰ বিষয়া বুলি চিনাকি কৰাই দি ঠিকা প্ৰদানৰ প্ৰলোভনেৰে দালাল ৰাণাৰ যোগেদি লাখে লাখে টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে। সমান্তৰালভাৱে মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাই ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত 20/22,21/22 US-120B/170/406/419/420/468/471/472 IPC গোচৰ ৰুজু কৰিছে।

লগতে পঢ়কঃচামগুৰিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীক গুলীচালনা

প্ৰৱঞ্চক ৰানাই ২৫ কোটিৰ ঠিকা দিয়াৰ নামত ব্যৱসায়ী শৰ্মাৰ পৰা ৪৯ লাখ টকা আগধন লয়। ব্যৱসায়ীজনক এই বিশাল ধনৰাশি দিবলৈ আৰক্ষী বিষয়া জোনমনি ৰাভাই পৰিচিত কৰাৰ অভিযোগ উঠিছে। ইয়াৰ পাছতে নিজকে নিৰ্দোষী সজাই দীৰ্ঘদিনে নিজৰ ভাবি স্বামীয়ে বিভিন্ন লোকক ঠিকাৰ প্ৰলোভনেৰে ধন সৰকাই নিয়া প্ৰৱঞ্চনাৰ বিষয়ে একো নাজানো বুলি কোৱা আৰক্ষী বিষয়া গৰাকীৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে। ইতিপূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা এইগৰাকী আৰক্ষী বিষয়াই প্ৰৱঞ্চক ৰাণাৰ সহযোগী হৈ মাজুলীত বিভিন্নজনৰ পৰা কৌশলেৰে ধন সংগ্ৰহৰ অভিসন্ধি ৰচনা কৰিছিল নেকি সেয়াও আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব। কিন্তু বৰ্তমান ভাইৰেল হোৱা কিছু টেলিফোনিক বাৰ্তালাপ আৰু ৰাভাৰ একাউণ্টত ধনৰ লেনদেনৰ অভিযোগে বিষয়টোক অধিক ৰহস্যময় কৰি তুলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply