মাজুলীঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল এছ আই জোনমণি ৰাভা। ভাবি স্বামী ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে জোনমণি ৰাভাই অএনজিচিৰ বিষয়া বুলি চিনাকি দি কৰিছিল লাখ লাখ টকা আত্মসাৎ।

উল্লেখ্য যে, ঠিকা প্ৰদানৰ প্ৰলোভনেৰে দালাল ৰাণাৰ যোগেদি কেইবা লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি মাজুলীৰ দুগৰাকী ব্যৱসায়ীয়ে ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ থানাত ৰুজু কৰিছিল গোচৰ।

YouTube video

ইফালে, আৰক্ষীয়ে জোনমণি ৰাভাক সোধ-পোছ কৰাৰ পাছত তেওঁৰ কানাড়া বেংকৰ 6764101002459 নম্বৰৰ একাউন্টত ১১,৩৩,১৭৪ টকা সোমোৱা আৰু এক্সিছ বেংকৰ 921010021109554 নম্বৰ একাউন্টত ৯,১৪,২৬৯ টকা সোমোৱা তথ্য লাভ কৰে।

শুকুৰবাৰে প্ৰায় ১২ ঘণ্টা সময় জেৰা চলোৱা হৈছিল এছ আই জোনমণি ৰাভাক। আৰু শনিবাৰেও পুনৰ জেৰা চলোৱা হয় আৰক্ষী মহিলা বিষয়াগৰাকীক।

ইতিমধ্যে জোনমণি ৰাভাৰ ভাবী স্বামী ৰাণা পগাগৰে ধনৰ লেনদেনৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত মাজুলীৰ আৰক্ষী অধিক্ষক গৌতম বৰাই সাংবাদিকৰ আগত কৈছিল- ”জোনমণিৰ সন্দৰ্ভত কিছু তথ্য-প্ৰমাণ পোৱা গৈছে। কিন্তু তদন্তৰ খাটিৰত সকলো খুলি ক’ব এতিয়াই বিচৰা নাই।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply