কলিয়াবৰঃ কলিয়াবৰলৈ শাস্তিমূলক বদলি কৰা হৈছে জোনমণি ৰাভাক। ভাবিস্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চা লাভ কৰা SI জোনমণি ৰাভাৰ এইবাৰ নাম সাঙোৰ খাইছে দুৰ্নীতিৰ অভিযোগত। স্বামীৰ সৈতে ধন লেনদেনৰ ঘটনাৰ লগত জোনমণি ৰাভাও জড়িত আছিল। এই অভিযোগত গড়মূৰ আৰক্ষী থানাত মাজুলীৰ দুই ব্যৱসায়ীয়ে দাখিল কৰিছিল এজাহাৰ।
শেহতীয়াকৈ জোনমণি ৰাভাৰ উৎকোচৰ লেনদেনৰ কথা বতৰাৰ দুটাকৈ ফোন ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছিল। ভাবী স্বামী ৰাণা পগাগৰ বিষয়ে পূৰ্বৰে পৰা জানিছিল জোনমণি ৰাভাই।
লগতে পঢ়কঃভাবি স্বামী ৰাণাৰ যোগেদি লাখে লাখে ধন আত্মসাৎ কৰিছিল SI জোনমণি ৰাভাই!
জোনমণি ৰাভাৰ দুৰ্নীতিৰ অভিযোগ পোহৰলৈ অহাৰ পিছতেই সষ্টম হৈছে আৰক্ষী বিভাগ। প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য নগাঁৱৰ আৰক্ষী অধ্যক্ষ লীনা দলেৰ। আৰক্ষী হ’লেও অপৰাধ কৰিলে সাৰি নাযাব বুলি মন্তব্য আৰক্ষী অধীক্ষক গৰাকীৰ।