গুৱাহাটী : সোমবাৰে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হােৱা হিমন্ত বিশ্ব শৰ্মাক শপত গ্ৰহণৰ এদিন পাছতে, অসমৰ প্ৰতিজন নাগৰিকক বিনামূলীয়াকৈ ক’ভিড-১৯ ৰ ভেকচিন প্রদান কৰিবলৈ আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। কেৱল বিনামূলীয়া ভেকচিন প্রদানেই নহয়, কাৰাৰুদ্ধ বিধায়কজনে ক’ভিড-১৯ ৰ সকলাে ধৰণৰ চিকিৎসা, ঔষধ, বেজী বিনামূলীয়া কৰাৰ দাবী জনােৱাৰ লগতে কোৰোণা ভাইৰাছৰ বাবে উদ্ভূত লকডাউন আৰু সান্ধ্য আইনৰ দ্বাৰা ক্ষতিগ্রস্ত হােৱা প্ৰতিটো পৰিয়ালক মাহে ৫০০০ টকাকৈ ক্ষতিপূৰণৰ আহ্বান জনাইছে।

তাৰােপৰি মূল্যবৃদ্ধি ৰােধ কৰা, অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰি যুদ্ধকালিন তৎপৰতাৰে ক’ভিড-১৯ ৰ বিৰুদ্ধে অভিযান চলাবলৈ আহ্বান জনাইছে অখিল গগৈয়ে। অসমৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ১০ টা দাবীযুক্ত এখন স্মাৰকপত্র প্রদান কৰাৰ উপৰিও যােৱা ৮ মে’ তাৰিখে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্য সচিব জিষ্ণু বৰুৱালৈও জৰুৰী স্মাৰকপত্র প্রদান কৰি একেবােৰ আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতিজনে। তাৰােপৰি ইতিপূর্বে ৬ মে’ তাৰিখে শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰালৈ তেওঁ জৰুৰী পত্র প্রেৰণ কৰি শিৱসাগৰ জিলাত যুদ্ধকালিন তৎপৰতাৰে ক’ভিড-১৯ বিৰােধী অভিযান চলাবলৈ আহ্বান জনােৱাৰ লগতে অ’এনজিচিৰ অসম এছেটৰ কাৰ্যকৰী সঞ্চালক ওম বীৰ সিঙলৈও জৰুৰী পত্ৰ প্ৰেৰণ কৰি শিৱসাগৰ জিলা প্রশাসন সক্রিয় সহযােগ কৰিবলৈ আহ্বান জনাইছিল।

স্মাৰকপত্ৰত ৰাইজৰ দলৰ সভাপতিজনে কয় যে অসমৰ দৰে অনগ্ৰসৰ আৰু অনা ঔদ্যোগিক ৰাজ্য এখনত ক’ভিডে এনে ভয়ানক ৰূপ লােৱাটো অতি উদ্বেগৰ বিষয়। এয়া সমগ্ৰ অসমীয়া জাতিৰ বাবে ভয়ানক সংকটৰ সময় বুলি উল্লেখ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সঠিক কার্যব্যৱস্থাৰ অভাৱৰ বাবে এনে ভয়ানক অৱস্থাৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে। অখিল গগৈয়ে ২০১০ চনত ৰাজহুৱা দান-বৰঙণি উঠাই পাঁচখন ক’ভিড চিকিৎসালয় স্থাপনৰ প্রতিশ্রুতি দিও স্বাস্থ্য বিভাগে সেই চিকিৎসালয়কেইখন স্থাপন নকৰাত ক্ষোভ প্রকাশ কৰে। তেওঁ স্মাৰকপত্ৰখনত কয় যে মানুহে এফালৰ পৰা তেওঁলােকৰ আপােন লােক হেৰুৱাই আছে আৰু উপার্জন হেৰুৱাই সর্বস্বান্ত হৈ আছে। সেয়েহে যুদ্ধকালিন তৎপৰতাৰে কভিড-১৯ ৰ বিৰুদ্ধে অভিযান চলাব লাগে বুলি মত প্রকাশ কৰা হৈছে।

তিনি পৃষ্ঠাৰ স্মাৰকপত্ৰখনত উত্থাপন কৰা দাবী সমূহ হৈছে।

১) অসমৰ ৩ কোটি ৩০ লাখ মানুহৰ চিকিৎসাৰ বাবে যােগ্য প্রতিজন ব্যক্তিকে ক’ভিড-১৯ ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা তথা কেন্দ্রীয় চৰকাৰৰ পৰা যথােপযুক্ত পৰিমাণৰ ভেকচিন অনাৰ ব্যৱস্থা কৰা;

২) মেডিচিভিৰকে ধৰি ক’ভিড-১৯ ৰ সকলাে ঔষধ আৰু চিকিৎসা বিনামূলীয়াকৈ কৰা;

৩) হােম আইচ’লেচনত পঠিওৱা ৰােগীক এম্বুলেঞ্চেৰে ঘৰলৈ পঠোৱাৰ দিহা কৰা;

৪) গুৱাহাটীকে ধৰি ৰাজ্যখনৰ সকলাে জিলা সদতে চিকিৎসালয়ৰ বিচনা, আই চি ইউ অক্সিজেনৰ যােগান নিশ্চিত কৰা;

৫) চিকিৎসা কর্মী এম্বুলেঞ্চৰ চালক, চাফাই কর্মী আদিক অগ্রাধিকাৰ ভিত্তিক ভেকচিন প্রদান কৰা আৰু উপযুক্ত পিপিই কীট প্রদান কৰা;

৬) চাউল, আটা, দাইল, আলু, পিয়াঁজ, মিঠাতেল, শাক-পাচলি, গাখীৰ আদিৰ মূল্যবৃদ্ধি ৰােধ কৰা;

৭) মূল্যবৃদ্ধি ৰােধৰ বাবে এটি ৰাজহুৱা পুঁজি তৈয়াৰ কৰা;

৮) ক’ভিড-১৯ ৰ সংকট শেষ নােহােৱা পর্যন্ত অসমৰ সকলাে অভাৱী পৰিয়ালকে মাহে ৫০০০ টকাকৈ ক্ষতিপূৰণ দিয়া;

৯) প্রাক্তন অতিৰিক্ত মুখ্যসচিব সুভাষ চন্দ্র দাসৰ দ্বাৰা প্ৰস্তুত কৰা বিশেষজ্ঞ সমিতিৰ প্রতিবেদনৰ হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী পৰামর্শসমূহ কার্যকৰী কৰা;

১০) বিজ্ঞানী, বিশেষজ্ঞ আৰু চিভিল ছ’চাইটিৰ পৰা বিজ্ঞানসন্মত পৰামর্শ গ্রহণ কৰি কাৰ্যকৰী কৰা আৰু অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰি সকলাে ৰাইজৰ প্রতিনিধিৰ পৰা পৰামর্শ গ্রহণ কৰাৰ লগতে সমূহীয়াভাৱে ক’ভিড-১৯ বিৰােধী অভিযান চলােৱা।

লগতে পঢ়ক : ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

স্মাৰকপত্ৰখন ৰাইজৰ দলৰ সভাপতি তথা নৱনির্বাচিত বিধায়কজনে আশা প্রকাশ কৰে যে অসমে নিশ্চয় এই ভয়ংকৰ সংকট উমৈহতীয়াভাৱে মােকাবিলা কৰিব পাৰিব আৰু অর্থনীতিৰ পুনৰ উদ্ধাৰাে কৰিব পাৰিব। তেওঁ ক’ভিড ভেকচিন দিয়াৰ ক্ষেত্ৰত ভাৰতৰ সকলাে ৰাজ্যতকৈ অসমক শ্রেষ্ঠ ৰাজ্য কৰিবলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,843 other subscribers

Leave a comment

Leave a Reply