শিৱসাগৰ: শিৱসাগৰত মোবাইল গেম খেলিবলৈ ১৯ লাখ টকা লুট। মাতৃৰ বেংক একাউণ্টৰ পৰা চাৰি কিশোৰে সৰকালে এই বৃহৎ পৰিমাণৰ ধন। অনলাইন পাব্ জী গেমক লৈ সাধাৰণ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলি থকা সময়তে শিৱসাগৰত সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা । নাবালক পুত্ৰই মাতৃৰ ম’বাইল ফোনেৰে পাবজী খেলি থকাৰ মাজতে পৰিয়ালটোৰ বেংক একাউন্টৰ পৰা উলিয়াই লৈ গল ১৯ লাখ টকা ।


জিলাখনৰ বগীদ’ল নিবাসী জিতু দত্ত নামৰ এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জয়সাগৰ ৰাংচলীয়া গাৱৰ নিতুল গগৈৰ পুত্ৰ নিপুৰাজ গগৈ নামৰ এজন ২১ বছৰীয়া যুবকৰ লগতে গৌৰবনগৰৰ দুই নাবালকক আটক কৰিছে ।

লগতে পঢ়ক-দীৰ্ঘদিনৰ অন্তত আজিৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান

আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ মতে বগীদ’ল নিবাসী জিতু দত্ত ৰুমি দত্তৰ সপ্তম শ্ৰেণীত পঢ়ি থকা পুত্ৰই ভালেমান দিন ধৰি অনলাইন গেম পাবজী খেলি আছিল । এই খেলৰ জৰিয়তে তেওৰ আটক কৰা কেইজনৰ সৈতে পৰিচয় হৈছিল ।

এই ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ পিছতেই নিপুৰাজ গগৈয়ে যুবকজনৰ মাতৃৰ ম’বাইলত নেট বেংকিং ব্যবস্থা সংযোজন কৰিছিল । সেই সুযোগতে বেংকৰ সকলো তথ্য সংগ্ৰহ কৰি ৰুমি দত্তৰ আই চি আই চি আই বেংকত থকা ১৯ লাখ টকা উলিয়াই নিছিল । এই তথ্য পলমকৈ জানিব পাৰি পৰিয়ালটোৱে জয়সাগৰ থানাত এক গোচৰ ৰুজু কৰে | সেই ভিত্তিতে তিনিওকে আটক কৰে যদিও শিৱসাগৰ নগৰৰ গৌৰব নগৰৰ দুই নাবালকক যোৱা নিশাটো প্ৰজ্ঞালয় নামৰ শিশু গৃহটোত ৰাখে ।

জয়সাগৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নং ১১১৪/২০২১ ভিত্তিত ভাৰতীয় দন্ডবিধি আইনৰ ৪২০/৪০৬ ধাৰাত নিপুৰাজ গগৈক আদালতত দাখিল কৰি জেললৈ প্ৰেৰণ কৰে ।

তদন্ত কাৰী বিষয়া লোকনাথ বসুমতাৰীয়ে জানিবলৈ দিয়া মতে এজাহাৰৰ ভিত্তিত আটক কৰি অনা বাইপাছৰ গৌতম নগৰৰ সপ্তম আৰু অষ্টম শ্ৰেণীত পঢ়ি থকা দুই নাবালকৰ এই প্ৰবঞ্চনাৰ সৈতে কোনো সম্পৰ্ক নাই । নিপুৰাজে ক’ত ধন ৰাখিছে সেই সম্পৰ্কে তদন্ত অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক-বোকাজনত পুনৰ জব্দ ৩.৫ কোটি টকা মূল্যৰ হেৰ’ইন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply