শিৱসাগৰ : পুনৰ আৰক্ষীৰ মৰাণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা অপৰাধীৰ, পুনৰ আৰক্ষীৰ গুলী চালনা। এইবাৰ শিৱসাগৰত অপৰাধীক উদ্দেশ্যি আৰক্ষীৰ গুলী চালনা। অ’ এন জি চিৰ তিনি কৰ্মচাৰীৰ আফৰণকাণ্ডৰ লগত জড়িত থকা অভিযুক্তৰ ওপৰত শিৱসাগৰ আৰক্ষীৰ গুলী চালনা।

পুনৰ সোমবাৰে শিৱসাগৰত অপৰাধীক উদ্দেশ্যি আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। অ’ এন জি চিৰ তিনি বিষয়াৰ অপহৰণকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে শদিয়াত গ্ৰেপ্তাৰ কৰা ভূপেন বৰুৱা নামৰ অভিযুক্তজনে আৰক্ষীৰ মৰাণাস্ত্ৰ কাঢ়ি পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে ভূপেন বৰুৱাৰ ওপৰৰ গুলী চালনা কৰে।

লগতে পঢ়ক : বিধানসভাত ঐতিহাসিক গো সুৰক্ষা বিধেয়ক উত্থাপনক লৈ ভিন্নজনৰ প্ৰতিক্ৰিয়া

আত্মৰক্ষাৰ বাবে গুলী চালনা কৰিবলৈ বাধ্য হোৱা আৰক্ষীৰ গুলী ভূপেন বৰুৱাৰ ভৰিত লাগে। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা ভূপেন বৰুৱাক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ভূপেন বৰুৱাক দেওবাৰে শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply