শিৱসাগৰ : শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ পেট্ৰল, ডিজেল আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। অসম-মিজোৰাম সীমান্তত প্রাণ আহুদি দিয়া অসম আৰক্ষীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ দাবী যৌথ সংগ্ৰামী মঞ্চৰ।

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চই পে’ট্ৰল, ডিজেল আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। পে’ট্ৰল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলী চালনাৰ বিৰুদ্ধে যৌথ সংগ্ৰামী মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক :  মানুহক নিৰাপত্তা দিব নোৱাৰা চৰকাৰ থকাৰ কোনো অধিকাৰ নাই : কংগ্ৰেছ

প্রতিবাদকাৰী সকলে হাতে হাতে প্লে’কাৰ্ড, বেনাৰ লৈ পে’ট্ৰল, ডিজেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মুৰ্দাবাদ, মিজো আৰক্ষীৰ বৰ্বৰতা বন্ধ কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply