শিৱসাগৰ পৰা আমিনুৰ ৰহমান: লংচাই বিলৰ অবাধ খননক লৈ স্থানীয় ৰাইজে আজি প্ৰতিবাদ কৰি পথ অৱৰোধ কৰে। শিৱসাগৰৰ ডেকা বৰবৰুৱা পথত এই অৱৰোধ প্ৰতিবাদী জনতাৰ।
ঐতিহাসিক লংচাই বিলখন ৰত্নেশ্বৰ টায়ে নামৰ এজন লোকে অবৈধ ভাৱে খনন কৰি ফিচাৰি সজাক লৈ এই প্ৰতিবাদ ৰাইজৰ।
লংচাই বিল স্থানীয় লোকৰ জীৱিকাৰ একমাত্ৰ সম্বল।
স্থানীয় নিবনুৱা লোকে লংচাই বিলত মাছ-পুঠি ধৰি জীৱিকা মোকলাই আহিছে।
কিন্তু এইদৰে বিলত কৰা অবৈধ খননে ৰাইজৰ জীৱিকাৰ প্ৰতি ভাবুকি আনিছে।
শিৱসাগৰ জিলা প্ৰশাসনক এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰাৰ পাছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰি এই অৱৰোধ গ্ৰহণ কৰে।
ৰত্নেশ্বৰ টায়েৰ লগত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগুৰ সু-সম্পৰ্ক থকাৰ বাবে জিলা প্ৰশাসনে টায়েৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। এইদৰে স্থানীয় লোকৰ ওপৰত কৰা অত্যাচাৰ বন্ধ নহলে আত্মজাহৰ ভাবুকি দিছে প্ৰতিবাদকাৰীয়ে।
লগতে পঢ়ক – মই পৃথিৱীৰ আটাইতকৈ ভাল সন্ত্ৰাসবাদী, মই হাস্পতাল-বিদ্যালয় নিৰ্মাণ কৰোঃ অৰবিন্দ কেজৰিৱাল