সোণাৰি: সোণাৰি জুনিয়ৰ কলেজে প্ৰদান কৰা ‘ শিক্ষাজ্যোতি বঁটা’ৰ বাবে এইবাৰ সাপেখাটি জাতীয় বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষক নৱনীতা চুতীয়াক নিৰ্বাচিত কৰা হৈছে।
উল্লেখযোগ্য যে নৱনীতা চুতীয়াই সাপেখাতি জাতীয় বিদ্যালয়ত 2003 চনৰ পৰা শিক্ষকতা কৰি থকা লগতে সাপেখাটিৰ দৰে এটা অঞ্চলত শৈক্ষিক পৰিৱেশ উন্নত কৰি তুলিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত তেখেত জনপ্ৰিয়।
বৰ্তমান কভিড পৰিস্থিতিৰ মাজতো তেখেতে নিজ প্ৰচেষ্টাৰে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সোণাৰি জুনিয়ৰ কলেজে এইবাৰ নৱনীতা চুতীয়ালৈ আগবঢ়াইছে শিক্ষাজ্যোতি বঁটা।
প্ৰত্যেক বছৰে পাঁচ চেপ্তেম্বৰৰ দিনা প্ৰদান কৰা এই বঁটাত এখন মানপত্ৰ,নগদ দহ হাজাৰ টকা,এখন সফুঁৰা আৰু এটি কিতাপৰ টোপোলা আগবঢ়োৱা হয়।চৰাইদেউ জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান সোণাৰি জুনিয়ৰ কলেজে (বৰ্তমান সোণাৰি ছিনিয়ৰ চেকেণ্ডেৰী স্কুল) চৰাইদেউ জিলাৰ বেচৰকাৰী শিক্ষানুষ্ঠান সমূহৰ শিক্ষকসকলৰ মাজৰ পৰা এই বঁটাৰ বাবে শিক্ষকসকলক নিৰ্বাচন কৰি আহিছে।
শিক্ষক দিৱসৰ দিনা চৰকাৰে কেইবাগৰাকীও শিক্ষকক কৃতি শিক্ষকৰ সন্মান আগবঢ়াই যদিও বেচৰকাৰী শিক্ষকসকল এই সন্মানৰ পৰা বঞ্চিত হৈ আহিছে।ৰাজ্যৰ শিক্ষাখণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়াই অহা লাখ লাখ শিক্ষকে বিভিন্ন অসুবিধাৰ মাজেৰে ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই আহিছে যদিও এওঁলোক বহুত ক্ষেত্ৰত উপেক্ষিত।
গতিকে সোণাৰি জুনিয়ৰ কলেজে কেৱল চৰকাৰী খণ্ডৰ বাহিৰত থকা শিক্ষকসকলকহে এই বঁটাৰ বাবে নিৰ্বাচিত কৰে। প্ৰথম পৰ্যায়ত কেৱল চৰাইদেউ জিলাৰ মাজত এই বঁটাৰ পৰিসৰ সীমিত আছে যদিও পৰৱৰ্তীকালত অসম ভিত্তিত এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে সোণাৰি জুনিয়ৰ কলেজৰ তৰফৰপৰা।
লগতে পঢ়ক অসম মেঘালয়ৰ সীমাক লৈ উত্তেজিত জনতাক শান্তিপূৰ্ণ ভাবে থাকিবলৈ আহ্বান স্থানীয় বিধায়ক