ধেমাজী: চৰকাৰে গ্ৰাম্য পথ যোগাযোগ ব্যৱস্থা উন্নতিৰ বাবে বহুতো আঁচনি গ্ৰহণ কৰিছে যদিও এতিয়াও এনে কিছুমান অঞ্চল আছে যত নাই কোনো যোগাযোগৰ সুচল পথ । স্বাধীনতাৰ ৭৪ বছৰ অতিক্ৰম কৰাৰ পিছতো চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ ভৈৰৱপুৰৰ এই পথটো নিৰ্মাণ নহ’ল আজিলৈকে।
ভৈৰৱপুৰ বজাৰৰ পৰা নেতাজী স্কুল, ১/২ নম্বৰ ভৈৰৱপুৰ,দক্ষিন ভৈৰৱপুৰ, আচিঘৰ আদি ১২ খনকৈ গাওঁৰ দৈনিক ২ দুই হেজাৰ লোকে যাতায়ত কৰা পথ চোৱা আজিলৈকে নহ’ল নিৰ্মাণ।এজাক বৰষুণতে যোগাযোগ বন্ধ হৈ পৰিছে পথটোৰে ।
বাৰিষা নহয় আঘোন মহীয়া দিনতে একাঠুৰ পানীত পৰি অহাযোৱা কৰিব লাগে স্থানীয় বাসিন্দাসকলে । চৰকাৰ আহিছে আৰু গৈছে কিন্তু তথাপি এই ব্যস্ত পথটো নিৰ্মাণৰ বাবে আজিলৈকে কাৰোৰেই চকু পৰা নাই। ৰাইজে বহুবাৰ সাংসদ বিধায়কক আবেদন নিবেদন কৰিও সুফল পোৱা নাই।
লগতে পঢ়ক – হাতত কোৰ ঝাড়ু লৈ মৰাণৰ ৰাজপথত মন্ত্ৰী যোগেন মহন
বাৰিষা আহিলেই পুনৰ আগন্তুক বাৰিষাৰ অৱস্থাৰ কথা ভাবি নিদ্ৰাহৰণ হৈছে এই পথৰ বাসিন্দাসকলৰ ।বাৰিষাৰ আগতেই পথছোৱাৰে যাতায়ত সুচল কৰি দিয়াৰ দাবীত আজি পুৰুষ মহিলা ওলাই আহিল ৰাজপথলৈ । অচিৰেই পথছোৱা উন্নীতকৰণ কৰি ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি দিবলৈ ৰাইজে দাবী জনাইছে চৰকাৰৰ ওচৰত।