শিলচৰত ভয়ংকৰ অগ্নিকান্ডত জাহ গ'ল ২০ খনকৈ বাহন

শিলচৰ: শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড ৷জুইত জাহ গল ২০ খনৰো অধিক বাহন ৷ চহৰৰ সোনাই ৰোডত সংঘটিত হয় এই অগ্নিকাণ্ড ৷সোনাই ৰোডৰ ছেকেণ্ড লিংক ৰোড পয়েন্ট ত সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড ৷ গাড়ীৰ গেৰেজত লগা জুই মুহুৰ্তৰ ভিতৰতে জুয়ে গোটেই গেৰেজটো আবৰি ধৰে৷

এই অগ্নিকান্ডত গেৰেজটোত থকা ন- পুৰণি প্ৰায় ২০ খনৰো অধিক গাড়ীত জুইত নষ্ট হৈছে৷ অগ্নিনিৰ্বাপক বাহিনী আহি জুই নিয়ন্ত্ৰণ কৰে যদিও তাৰ আগতেই জুইৰ লেলিহান শিখাই ভষ্মীভূত কৰে গেৰেজটোত থকা সকলো গাড়ীৰ লগতে অন্যান্য সামগ্ৰী ৷ ছৰ্ট ছাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply