শিলচৰঃ শিলচৰৰ মেহেপুৰস্থিত সমাজকল্যাণ বিভাগৰ এটা নিৰীক্ষণ গৃহৰ পৰা পলাল ৫ ৰোহিংগীয়া নাবালক কিশোৰসহ দুজন স্থানীয় শিশু। জানিব পৰা মতে, যোৱা ১ তাৰিখে যেতিয়া সমগ্ৰ শিলচৰ চহৰ বানপানীৰ কবলত আছিলে তেতিয়া ইয়াৰ সুযোগ লৈ এখন দেৱাল ভাঙি পলালে কিশোৰকেইগৰাকী। পলাই যোৱা এইসকল কিশোৰৰ এতিয়াও সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে৷

উল্লেখ্য যে, ২৮মে’ত শিলচৰত কাছাৰ আৰক্ষীয়ে আটক কৰিছিল শিশু ,মহিলা সহ ২৬ জনকৈ ৰোহিঙ্গীয়া৷ জম্মু-কাশ্মীৰৰ পৰা এই সকল ৰোহিঙ্গীয়া ৰেলযোগে কামাখ্যা ৰেল ষ্টেচনত উপস্থিত হৈছিল আৰু কামাখ্যা ৰেল ষ্টেচনৰ পৰা তিনিখন ইনোভা বাহনেৰে শিলচৰত উপস্থিত হোৱাৰ পাছত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত তেওঁলোকক আটক কৰিছিল৷ এই ২৬ গৰাকী ৰোহিঙ্গীয়াৰ মাজত নাবালক সকলক নিৰীক্ষণ গৃহত ৰখাৰ লগতে বাকী সকলক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰাখিছিল আৰক্ষীয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply