শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তেজনা ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰনে আৰক্ষীৰ শূন্যলৈ গুলিচালনা ৷ আৰক্ষীক লক্ষ্য কৰি শিল বৰ্ষণ উত্তেজিত ৰাইজৰ।
ৰাষ্ট্ৰীয় ঘাইপথৰ আশ্ৰম ৰোডত সংঘটিত হৈছে ঘটনাটো ৷ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰে উত্তেজিত ৰাইজে আৱেলিৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আছিল ৷
এই ঘটনাৰ অভিযুক্ত যুবক ৰনি দাসৰ বাসগৃহ,সহ আশ্ৰম ৰোডৰ কেইবাখনো দোকানত ভাঙি লন্ডভন্ড কৰাৰ লগতে অগ্নিসংযোগ কৰিছিল এদল উদন্ড যুৱকে ৷
উদন্ড যুবকসকলে শিলগুটি নিক্ষেপ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰনৰ কাৰনে আৰক্ষীয়ে কেইবা ৰাউন্ড শূন্যলৈ গুলি চালনা কৰিছে ৷
ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ বিশাল বাহিনী উপস্থিত হৈছে ৷ পৰিস্থিতি এতিয়াও উত্তেজিত ৷নতুনকৈ আৰু দুইখন বাইকত অগ্নিসংযোগ কৰাৰ বাতৰি আহিছে শিলচৰৰ পৰা ৷
ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ দক্ষিণ অসম মন্ডলৰ ডিআইজি দেৱজিত মুখ্যাৰ্জি ৷ পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিব লগা হৈছে ৷প্ৰতিবাদৰ নামত উদন্ড যুৱক সকলৰ কাৰ্যত সকলো চিন্তিত ৷
লগতে পঢ়ক নাৰীজনিত অপৰাধৰ দেশৰ ভিতৰতে শীৰ্ষত অসম