বৈঠালংছু : ক’ভিড মহামাৰীৰ সময়ত ৰাজ্যৰ স্বাস্থ্যকেন্দ্ৰ সমূহৰ জৰাজীৰ্ণ ৰূপে ৰাইজক বাৰুকৈয়ে জলাকলা খুৱাইছে |
পশ্চিম কাৰ্বি আংলং জিলাৰ মেনমেজি শিলডুবি স্বাস্থ্য কেন্দ্ৰত বৈঠালংছু সমষ্টিৰ বিধায়ক ৰূপসিং টেৰণে
স্থানীয় ৰাইজৰ অভিযোগৰ পিছতে স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হৈ চিকিৎসালয় খনত চলি থকা ব্যাপক অনিয়মৰ প্ৰত্যক্ষ কৰে।
আজিলৈকে চিকিৎসালয় খনত নাই পৰ্যাপ্ত চিকিৎসক। যি এজন আছে সেইজনো চিকিৎসালয়লৈ সময়ত নাহে । ইয়াৰ ফলত ব্যাপক অসুবিধাৰ সন্মূখীন হৈছে অঞ্চলটোৰ ৰাইজে।
স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি অৱস্থাৰ বুজলৈ বিভিন্ন অনিয়ম দেখি অতি শীঘ্ৰে চিকিৎসকৰ বিৰুদ্ধে যাবতীয় ব্যবস্থা লব বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে।
আনহাতে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ কঁপিলী সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সমৰ্থন জনাই বিধায়ক গৰাকীয়ে অতি শীঘ্ৰেই কঁপিলী নদীৰ ওপৰত দলং নিৰ্মাণ হব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে বিধায়ক গৰাকীয়ে।এই ভ্ৰমন কালত বিধায়ক ৰূপসিং টেৰণৰ সৈতে কাৰ্যবাহী সদস্য পৱন কুমাৰো উপস্থিত থাকে |
লগতে পঢ়ক বেঁকী নদীৰ খহনীয়াত কাউৰঝাহীত চপৰা চপৰে খহিছে ভেটি-মাটি