নিউজ ডেস্কঃ মহান মনীষী অসমৰ জগতৰ অন্যতম ভেটি গঢ়োতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭১ সংখ্যক মৃত্যু তিথি আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি সোণাৰিতো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস “শিল্পী দিৱস” উদযাপন কৰা হয়। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰি চিৰ নমস্য ব্যক্তি জনক সোঁৱৰণ কৰা হয়।
লগতে পঢ়কঃহাতত জাতীয় পতাকা লৈ পদব্ৰজে যাত্ৰা এজন যুৱকৰ
আনহাতে ভাতখাণ্ডে সংগীত মহাবিদ্যালয়ৰ উদ্যোগতো সোণাৰিত শিল্পী দিৱস উদযাপন কৰা হয়। সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হয় শিল্পী দিৱসৰ কাৰ্যসূচী। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই উদ্বোধন কৰে অনুষ্ঠানটো।
সাংস্কৃতিক নগৰী তেজপুৰৰ জ্যোতি প্ৰসাদৰ সমাধিস্থল , পকীত পুৱাৰে পৰা শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। জ্যোতি প্ৰসাদৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি জ্যোতিৰ জীৱনৰ ওপৰত মূল্যাংকন কৰে। তেজপুৰৰ শিল্পী সকলে নৃত্যগীতৰ মাজৰে জ্যোতি সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ।
ৰাজ্যজুৰি সোঁৱৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক। বিভিন্ন প্ৰান্তৰ দৰে দেৰগাঁৱতো শিল্পী দিৱস পালন কৰে। দেৰগাঁৱৰ সৃষ্টি সংগীত একাডেমীত ৰূপকোঁৱৰক সোঁৱৰণ । জ্যোতি সংগীত পৰিৱেশন কৰে সৃষ্টি সংগীত একাডেমীৰ শিক্ষাৰ্থীসকলে।
বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো পালন ৰূপকোঁৱৰৰ ৭১সংখ্যক মৃত্যু দিৱস। লক্ষীনগৰস্থিত বাসগৃহত শিল্পী দিৱস পালন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। জাতীয় জীৱনলৈ ৰূপকোঁৱৰে আগবঢ়োৱা অৱদানৰ কথা স্মৰণ সোণোৱালৰ। ৰূপকোঁৱৰৰ আদৰ্শৰে অসমবাসীক আগবাঢ়িবলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼত আজি দিনযোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় । বৈঠালাংছʼ শাখা সাহিত্য সভা আৰু বৃহত্তৰ বৈঠালাংছʼ যুৱ সমাজৰ উদ্যোগত সম্পূৰ্ণ কʼভিদ বিধিৰে অনুষ্টুপিয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ক্ষধা কন্ঠ ডঃ ভূপেন হাজৰিকাৰ দহ ফুট দৈৰ্ঘ্যৰ এটি আৱক্ষ মূৰ্তি উন্মোচন কৰে । কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰʼই দান কৰা উক্ত আৱক্ষ মূৰ্তিটো সদস্য গৰাকীয়ে উন্মোচন কৰে ।