শিল্প সাধনাৰ আলোকযাত্ৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পুণ্যতিথিৰ সৈতে সংগতি ৰাখি আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ “শিল্পী দিৱস, ২০২২” উদযাপন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে।

অনুষ্ঠানত অসমৰ কলা-সংস্কৃতিৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে যশস্বী সংগীত শিল্পীদ্বয় ড° অপৰ্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীক ২০২২ বৰ্ষৰ ‘শিল্পী বঁটা’ৰে সন্মানিত কৰা হয়। একেটা অনুষ্ঠানত শিল্প সাধনাত ব্ৰতী ৰাজ্যৰ ৫০ গৰাকী বিশিষ্ট শিল্পীক আনুষ্ঠানিকভাৱে ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন প্ৰদান হয়।

তদুপৰি, সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইতিপূৰ্বে ঘোষণা কৰা অনুসৰি বিশিষ্ট লেখক তথা গৱেষক ড° উপেন ৰাভা হাকাচামক ২০২১ বৰ্ষৰ সন্মানীয় ‘বীৰ ৰাঘৱ মৰাণ বঁটা’, বিশিষ্ট নাট্যশিল্পী উপকূল বৰদলৈক ২০২১ বৰ্ষৰ সন্মানীয় ‘সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা’, বিশিষ্ট নাট্যশিল্পী অবিনাশ শৰ্মাক ২০২১ বৰ্ষৰ সন্মানীয় ‘নটসূৰ্য ফণী শৰ্মা বঁটা’, বিশিষ্ট শিল্পীদ্বয় সোণাৰাম নাথ আৰু দ্ৰোণ ভূঞাক ২০২১ বৰ্ষৰ সন্মানীয় ‘বিষ্ণু ৰাভা বঁটা’ৰে সন্মানিত কৰা হয়।

লগতে পঢ়ক- নিয়মৰ মাজেৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আপত্তি নাই এবছুৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply