গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত সােমবাৰে বন আৰু পৰিৱেশ, মীন, আৱকাৰী আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ জিলা প্রশাসন আৰু বিভাগীয় বিষয়-ববীয়াসকলৰ লগত সংশ্লিষ্ট বিভাগৰ কাম-কাজৰ অগ্রগতি সম্পর্কে এখন পর্যালােচনা সভা অনুষ্ঠিত হয়। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, আৱকাৰী বিভাগৰ প্ৰধান সচিব ৰাজেশ প্রসাদ আদি উপস্থিত থকা এই সভাত আৱকাৰী বিভাগক জিলাখনৰ চুলাই মদৰ ঘাটিসমূহ সম্পূর্ণ উচ্ছেদ কৰিবলৈ আৰু কোনেও যাতে অৰুণাচলী মদ বিক্ৰী কৰিব নােৱাৰে তাৰ উপযুক্ত ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে।

লালিগুড় বেচাকিনাৰ ক্ষেত্ৰত পশু চিকিৎসা আৰু পশুপালন আদি বিভাগৰ উপযুক্ত প্রমাণ নাপালে, সেই ক্ষেত্ৰতাে উপযুক্ত ব্যৱস্থা ল’বলৈ নির্দেশ দি মন্ত্রী গৰাকীয়ে কয় যে, লালিগুড়যুক্ত চুলাই মদ সেৱনে এচাম মানুহক ডেকাতে বুঢ়া কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে। আনহাতে, যােৱা বছৰতকৈ চলিত বছৰত এপ্রিল-মে’ মাহত ৬০ শতাংশ আৱকাৰী ৰাজহ বৃদ্ধি হােৱাৰ কথা ঘােষণা কৰি চলিত বৰ্ষৰ এপ্রিল-মে’ মাহত ৬৯ কোটি আৱকাৰী ৰাজহ আহৰণ হৈছে বুলি তেওঁ সন্তুষ্টি প্রকাশ কৰে। আনহাতে, দীপৰ বিলৰ কথা প্রসঙ্গত মন্ত্রী গৰাকীয়ে উল্লেখ কৰে যে দীপৰ বিলক নতুন ৰূপত সজাই-পৰাই কেৱল অসমৰে নহয়, সমগ্র উত্তৰ-পূৱৰ পর্যটনস্থলী হিচাপে গঢ়ি তােলাতাে তেওঁৰ সপােন। এই সপােন তেওঁ এইখন চৰকাৰৰ কালত বাস্তৱায়িত কৰিব।

লগতে পঢ়ক : তৃতীয় ৱেভৰ ঢৌ অসমত নাই যদিও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈছে বহুতো শিশু কিশোৰ

এই ক্ষেত্ৰত দীপৰ বিলৰ অন্তর্গত থকা জলাহ ভূমি সঠিক মাপ কৰি সৌন্দর্যবর্ধনৰ কাম আৰম্ভ কৰিবলৈ তেওঁ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুক নির্দেশ দিয়ে। সেইদৰে আমছাং, শিল সাঁকো আদিৰ দৰে যিবােৰ ৰাজহ অথবা বনভূমি বেদখলকাৰীৰ কবলত, অথচ সেই ভূমিখণ্ড বনভূমি নে ৰাজহ ভূমি সেয়া স্পষ্ট নহয়, সেই স্থানসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত জ’নেল মাষ্টাৰ প্লেন প্রস্তুত কৰি বন বিভাগক ৰাজহ বিষয়াৰ লগত সহযােগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে। বনাঞ্চলৰ পৰা মানুহৰ বসতিস্থানলৈ হাতী ওলাই অহা বিষয়টোও সুক্ষভাৱে পর্যবেক্ষণ কৰিবলৈ বন বিভাগক নির্দেশ দি তাক ফলপ্রসু সমাধানৰ নির্দেশ দিয়ে মন্ত্রী গৰাকীয়ে। গুৱাহাটী মহানগৰ সেউজকৰণ লক্ষ্যত উপনীত হােৱাৰ বাবে বিমান বন্দৰৰ পৰা আৰম্ভ কৰি এলানি গছপুলি ৰােপণৰ কাৰ্যসূচী সম্পাদন কৰিবলৈ তেওঁ সামাজিক বনানীকৰণ বিভাগক নির্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply