দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰত বৃহস্পতিবাৰে সন্ধিয়া সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত বাংলাদেশ বিজয় দিৱস উদয়াপন হয়। এই বিজয় দিৱস উপলক্ষে দেশখন স্বাধীনতা লাভৰ সময়ত যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈন্য সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে বন্তি প্ৰজলন কৰি প্ৰাণ আহুতি দিয়া সৈন্য সকলক স্মৰণ কৰা হয়। এই বিজয় দিৱস কাৰ্যসূচীত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপালী বৰা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক আশ্ৰাফ আলী।
১৯৭১ চনত বাংলাদেশ স্বাধীনতা লাভ কৰাৰ সময়ত কিদৰে যুদ্ধ হৈছিল আৰু বাংলাদেশৰ মুক্তবাহিনীয়ে কিদৰে বিজয় লাভ কৰিছিল সেই সকলো কথা সমাজসেৱক আশ্ৰাফ আলীয়ে বিজয় দিৱসত উপস্থিত থকা লোক সকলক ভাষণৰ জৰিয়তে অৱগত কৰি তেওঁ নিজে সীমান্তৱৰ্তী এলেকাৰ এগৰাকী শিক্ষক হিচাপে যুদ্ধৰ সময়ত বাংলাদেশৰ পৰা ভাৰতত শৰনাৰ্থী হৈ অহা লোকক সহায় কৰাৰ কথা দোহাৰে। এই অনুষ্ঠানৰ অন্তত প্ৰাক্তন সমাজসেৱক আশ্ৰাফ আলীয়ে কয় যে দুই দেশৰ মাজত সম্বন্ধ গঢ়াৰ বাবে তৰুণ গগৈ চৰকাৰে মানকাচৰত বানিজ্য কেন্দ্ৰ নিৰ্মান কৰি দিছে। কিন্তু বানিজ্য কেন্দ্ৰখন মুকলি নোহোৱাৰ ফলত ভাৰত-বাংলাদেশ সীমান্তত চোৰাং কাৰবাৰ দিনক দিনে বৃদ্ধি পাই অহাত চৰকাৰে বছৰি কোটি কোটি টকাৰ ৰাজহ হেৰুৱাই আহিছে।
লগতে পঢ়ক : লখিমপুৰ জিলাৰ গোবিনপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ
বানিজ্য কেন্দ্ৰখন কাৰ্যকৰি হ’লে চৰকাৰে মানকাচৰৰ পৰা কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে জিলাখনৰ হেজাৰ হেজাৰ ব্যৱসায়ীৰ উপাৰ্জনৰ পথ প্ৰসত্ত হৈ পৰিব বুলি মত প্ৰদান কৰে সমাজসেৱক আশ্ৰাফ আলীয়ে।একেদৰে পাঞ্জাৱৰ দৰে মানকাচৰ ভাৰত-বাংলাদেশ সীমান্তত ৱাগা বৰ্ডাৰ নিৰ্মাণৰ বাবে চৰকাৰে এখন প্ৰকল্প হাতত লোৱা বুলি তেওঁ জানিবলৈ দি মানকাচৰৰ ৱাগা বৰ্ডাৰ অতি সোনকালে নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।