নিশা শিৱসাগৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় শিল্পীগৰাকী। বৰ্তমান শিল্পীগৰাকী চিকিৎসাধীন হৈ আছে।

জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে আহি থকাৰ সময়তে দিখৌ দলঙৰ সমীপত শিল্পীগৰাকীৰ বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখনে এজোপা গছত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ পৰা আহত শিল্পীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উক্ত দুৰ্ঘটনাটোৰ ফলত শিল্পীগৰাকীয়ে শৰীৰৰ কেইবাঠাইতো আঘাত পায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply