ৰাজ্যত ক’ভিড-১৯ সংক্ৰমণ পুনৰ ভয়াবহ ৰূপ লোৱাৰ দিশে গতি কৰাৰ সময়ত ৰাজ্য চৰকাৰে বিহু অনুষ্ঠানৰ ক্ষেত্ৰত জাৰি কৰিছে নিৰ্দেশনা। চৰকাৰৰ ‘SOP’ অনুসৰি নিশা ১১ বজাৰ পূৰ্বে সামৰিব লাগিব বিহুৰ অনুষ্ঠান।
এই নিৰ্দেশৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে শিল্পী মানস ৰবীনে ৷

বৃহস্পতিবাৰে বৰপেটা পৌৰসভা খেলপথাৰত আয়োজিত অনুষ্ঠানত গীত পৰিবেশন কৰা মানস ৰবীন মন্তব্য,
যদিহে ক’ভিডৰ  সংক্ৰমণ ব্যাপকভাবে বৃদ্ধি হৈছে তেন্তে চৰকাৰে বিহুৰ অনুষ্ঠান বাতিল কৰিলেও আপত্তি নাই ৷ তাৰ বিপৰীতে নিশা ১১ বজাৰ পূৰ্বে বিহুৰ অনুষ্ঠান শেষ কৰাৰ বাবে চৰকাৰে দিয়া নিৰ্দেশক বাৰে বিংকৰা বুলিহে অভিহিত কৰে। আনকি কোৰোণা নিশা ১১ বজাৰ পিছতহে আহিবলৈ ৰৈ থাকিব নেকি বুলিও প্ৰশ্ন শিল্পী মানস ৰবীনৰ৷

মানস ৰবিনৰ মন্তব্য, “মাতিলে যাবই লাগিব, ক’লে গাবই লাগিব৷ ৰাজ্যবাসীৰ ভালৰ বাবে দিয়া প্ৰতিটো নিৰ্দেশ নতশিৰে পালন কৰিবলৈ প্ৰস্তুত৷” শিল্পীগৰাকীয়ে লগতে কয়, আমাৰ বিহু আয়োজকসকল একো প্ৰফেশ্যনেল ব্যক্তি নহয় তেওলোকক চৰকাৰে SOP বনাই ১১ বজাত শেষ কৰিবলৈ ক’লেই কৰিব নোৱাৰে ৷ এনে এক পৰিস্থিতিৰ সৃষ্টি কৰাৰ বিপৰীতে বিহুৰ অনুষ্ঠান বাতিল কৰি দিলেই সকলো সমস্যাৰ সমাধান হ’ব বুলিহে মন্তব্য কৰে৷ ইয়াৰ বিপৰীতে শিল্পীসকলক চৰকাৰে আৰ্থিক সকাহ প্ৰদান কৰিব পাৰে বুলিও মন্তব্য কৰে মানস ৰবিনে৷

ইয়াৰ বিপৰীতে কালি নিশা অনুষ্ঠিত হোৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশ লোৱা শিল্পীসকলে চৰকাৰৰ SOP কিমান পালন কৰে ৷
জুবিন গাৰ্গে বঙাইগাঁও চহৰৰ গান্ধী ময়দানত নিশা ১১ বজাৰ পূৰ্বে মঞ্চ ত্যাগ কৰে।
আনহাতে, বিপিন চাউদাঙে ১১.১৫ বজালৈকে অনুষ্ঠান পৰিৱেশন কৰে।
হাজোত দীপলিনা ডেকাই ১১.২৫ আৰু খাৰঘূলিত নীল আকাশে ১১.৩০ বজাত সংগীতানুষ্ঠান সামৰে।

জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গনেশগুৰিত সোনকালে অনুষ্ঠানৰ সামৰি পাণ্ডুত নিশা ১ বজা পৰ্যন্ত গীত পৰিৱেশন কৰে। কণ্ঠশিল্পী গীতাঞ্জলি দাসেও নুনমাটিত নিশা ১২ বজালৈকে অনুষ্ঠান পৰিৱেশন কৰে।
আচুৰ্য বৰপাত্ৰই গুৱাহাটীৰ বৰাগাঁৱত নিশা ১১.৫৫ বজালৈকে মঞ্চত গীত গায়। অধিকাংশ গায়ক গায়িকাই বছৰৰ পিছত বছৰ ধৰি গাই থকা একেবোৰ গানকেই এইবাৰৰ বিহু মঞ্চত পৰিবেশন কৰি আহিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply